![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
দেশত বৃদ্ধি পাইছে অমিক্ৰ’নত আক্ৰান্তৰ সংখ্যা।এতিয়ালৈকে অমিক্ৰনত আক্ৰান্ত লোকৰ সংখ্যা ২১জনলৈ বৃদ্ধি পাইছে ।
ৰাজস্থানত ৯জন, মহাৰাষ্ট্ৰত ৮জন, কৰ্ণাটকত দুজন, গুজৰাটত আৰু দিল্লীত এজনকৈ লোক আক্ৰান্ত হৈছে কোভিডৰ এই নতুন ভেৰিয়েন্টত।উল্লেখ্য যে দেওবাৰে ৰাজস্থানৰ ৰাজধানী জয়পুৰত ৯ জন লোকৰ দেহত অমিক্ৰন ভেৰিয়েণ্টৰ উপস্থিতি নিশ্চিত কৰা হয়।
জয়পুৰৰ একেটা পৰিয়ালৰে ৪ জন লোক আৰু তেওঁলোকৰ আত্মীয়সহ মুঠ ৯ জন লোকৰ জিনম ছিকুৱেঞ্চিং (Genome sequencing) ৰিপোৰ্ট পজিটিভ পোৱা গৈছে।জয়পুৰৰ এই ৯টা নমুনাই দক্ষিণ আফ্ৰিকাৰ অমিক্ৰন ভেৰিয়েণ্ট বুলি নিশ্চিত কৰিছে। ইয়াৰে ৪ জন লোক দক্ষিণ আফ্ৰিকা (South Africa)ৰ পৰা উভতি আহিছিল। বাকী ৫ জন তেওঁলোকৰ সৈতে সম্পৰ্কলৈ আহিছিল।
সংক্ৰমিত আটাইকেইজনৰ চিকিৎসা চলি আছে। সকলোৰে অৱস্থা বৰ্তমান স্বাভাৱিক বুলি জানিব পৰা গৈছেএতিয়া লাহে লাহে এই নতুন ভেৰিয়েন্টত নতুনকৈ বহু লোক দেশত আক্ৰান্ত হ’বলৈ আৰম্ভ কৰিছে।












