![]()
নিউজ ডেস্কঃ
অতিমাৰিৰ পৰিবেশত সুদীর্ঘ সময় ধৰি ঘৰত বন্দী হৈ থাকিবলগা হোৱা বাবে মাৰাত্মক ক্ষতিৰ সন্মুখীন হৈছে শিশুসকল। বিশেষকৈ চকুৰ।
বিশেষজ্ঞৰ মতে, সংক্রমণৰ ভয়ত বাহিৰলৈ ন’গৈ ঘৰতেই টিভি চোৱাৰ অভ্যাস, মোবাইল, কম্পিউটাৰত গেম খেলি সময় কটাইছে শিশুসকলে। চাৰিবেৰৰ মাজত আবদ্ধ হৈ থাকি বৃদ্ধি পাইছে মানসিক চাপ। আনহাতে, ঘণ্টাৰ পিছত ঘণ্টা মোবাইল, লেপটপ, টেলিভিছনৰ স্ক্রিনত ব্যস্ত থকাত চকুপানী ওলোৱা, চকু জ্বলা-পোৰা কৰা, চকুই শুকাই অহা, মূৰৰ বিষ এনে উপসর্গই দেখা দিছে অধিকাংশ শিশুৰ শৰীৰত। বিশেষজ্ঞসকলে লগতে জনাইছে, পূৰ্বতেও সৰু বয়সত শিশুসকলৰ চকুত মাইনাছ পাৱাৰ আহিছিল। কিন্তু এনে শিশুৰ সংখ্যা অতিমাৰিৰ পিছত একেকোবে বহুখিনি বৃদ্ধি হৈছে।
অনলাইন ক্লাছৰ পৰা স্মার্ট ফোনত গেম খেলা, এই সকলোৰে কাৰণে চকুৰ চিলিয়াৰি পেশী দুর্বল হৈ যায়। সেয়ে বিশেষজ্ঞসকলৰ পৰামর্শ, এইবোৰৰ মাজতে চকুক বিশ্রাম দিয়াটো জৰুৰী। তাৰ উপৰি দিনত অন্তত দুই ঘণ্টা বাহিৰত কটাব দিব লাগে শিশুসকলক।












