![]()
নিউজ ডেস্কঃ
নাগালেণ্ডত সন্ত্ৰাসবাদীৰ সন্দেহত সেনাৰ গুলীত ১৪ নিৰীহ নাগৰিক নিহত প্ৰসংগত উত্তাল হৈ আছে নাগালেণ্ড। তাৰ প্ৰভাৱ পৰিল সংসদতো। লোকসভা আৰু ৰাজ্যসভাত বিবৃতি দি দুখ প্রকাশ কৰিলে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে। অৱশ্যে বিৰোধী নিজৰ দাবীত অটল। তেওঁলোকৰ দাবী, নাগালেণ্ডৰ পৰা আফস্পা প্রত্যাহাৰ কৰিব লাগে।
সোমবাৰে লোকসভাত অমিত শ্বাহে কয়, ‘এই ঘটনাক লৈ অনুশোচনা হৈছে ভাৰত চৰকাৰৰ। মৃতকসকলৰ বাবে শোক প্রকাশ কৰিছো। তদন্তৰ বাবে বিশেষ তদন্তকাৰী দল (SIT) গঠন কৰা হৈছে। এমাহৰ ভিতৰত তদন্ত শেষ কৰাৰ নির্দেশ দিয়া হৈছে। পৰিস্থিতি উদ্বেগজনক হ’লেও বৰ্তমান নিয়ন্ত্রণত। সকলো কেন্দ্রীয় সংস্থাই নিশ্চিত কৰিব লাগিব যাতে এনে ধৰণৰ ঘটনা ভৱিষ্যতে আৰু সংঘটিত নহয়।’
এক ঘণ্টা পিছত একেই বিবৃতি ৰাজ্যসভাতো পাঠ কৰে কেন্দ্রীয় গৃহমন্ত্রীয়ে।












