![]()
নিউজ ডেস্কঃ
বিশ্বৰ নতুন আতঙ্কৰ নাম ওমিক্রন। দ্রুতবেগত দেশে দেশে বিয়পি পৰিছে কৰোনাৰ এই নতুন প্রজাতি। ভাৰততো ২১ জন ওমিক্রনত আক্রান্ত হোৱাৰ খবৰ ওলাইছে। ব্রিটেইনত এই সংখ্যা ২৪৬। শনিবাৰৰ ১৬০ৰ পৰা দেওবাৰে একেকোবে বৃদ্ধি পাই হৈছে ২৪৬। অর্থাৎ এটা দিনতে ব্ৰিটেইনত ওমিক্রনত আক্রান্ত বৃদ্ধি পাইছে ৫০ শতাংশ। ব্রিটেইনৰ স্বাস্থ্য সচিব চাজিদ জাভিদে জনোৱা মতে, ১২ বছৰৰ ঊর্ধ্বৰ ব্রিটেইনলৈ অহা প্রত্যেকেই ঘূৰি যোৱাৰ পূৰ্বে পৰীক্ষা কৰাই যাব লাগিব। পৰীক্ষা আৰম্ভ হ’ব মঙ্গলবাৰে ব্রিটিছ স্থানীয় সময় পুৱা ৪টাৰ পৰা।












