![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
আজিৰ পৰা ধুবুৰীৰ ঐতিহ্যমণ্ডিত ‘”শ্ৰীগুৰু টেগ বাহাদুৰ চাহিব গুৰুদ্বাৰ’’ত আৰম্ভ হ’ল শিখসকলৰ নৱম গুৰু টেগ বাহাদুৰৰ শ্বহীদী দিৱস। তিনিদিনীয়া সেই কাৰ্য্যসূচীৰ আজি প্ৰথম দিনা অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয় ধুবুৰীৰ প্ৰখ্যাত গুৰুদ্বাৰত। মুখ্যমন্ত্ৰীগৰাকীক শিখসকলৰ ধৰ্মীয় পৰম্পৰাৰে উষ্ম আদৰণি জনায় গুৰুদ্বাৰ কৰ্তৃপক্ষই। প্ৰায় এঘন্টা জুৰি গুৰুদ্বাৰ দৰ্শন কৰি নিজৰ শ্ৰদ্ধা নিৱেদন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। অন্তত গুৰুদ্বাৰ প্ৰাঙ্গনত আয়োজিত এক জনসভাত নিজৰ ভাষণত গুৰু টেগ বাহাদুৰক নিজৰ শ্ৰদ্ধা নিৱেদন কৰে তেওঁ। সমান্তৰালকৈ গুৰুজনাৰ কৰ্মৰাজি আৰু চিন্তাধাৰাক ভূয়সী প্ৰশংসা কৰে মুখ্যমন্ত্ৰী ড: শৰ্মাই। নিজৰ ভাষণত ধুবুৰীৰ এই গুৰুদ্বাৰৰ উন্নয়নৰ বাবে অসম চৰকাৰ ফালৰ পৰা ৫ কোটি টকাৰ আৰ্থিক অনুদান দিয়াৰ কথাও ঘোষণা কৰে তেওঁ।
উল্লেখ্য যে, প্ৰতি বছৰে পূৰ্বোত্তৰ শিখ প্ৰতিনিধী বোৰ্ডৰ উদ্যোগত অনুষ্ঠিত হৈ অহা শ্বহীদী দিৱসৰ কাৰ্য্যসূচীয়ে এইবাৰ ৩৪৬ বছৰত ভৰি দিলে।












