![]()
বিশেষ প্ৰতিনিধিঃ
পটিয়ৰী সত্ৰৰ সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী জগন্নাথ দেৱগোস্বামীৰ পৰলোকপ্ৰাপ্তি৷ সোমবাৰে দুপৰীয়া ১২.৩০ বজাত ১০২ বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটে সত্ৰাধিকাৰগৰাকীৰ৷ যোৰহাটৰ লাহদৈগড় মইনাপৰিত অৱস্থিত এই ঐতিহাসিক পটিয়ৰী সত্ৰ।
শ্ৰীশ্ৰী জগন্নাথ দেৱগোস্বামীয়ে মেলেং উচ্চ ইংৰাজী বিদ্যালয়ৰ পৰা শিক্ষকতা বৃত্তিৰ পৰা অৱসৰ লৈ সত্ৰাধিকাৰৰ দায়িত্ব গ্ৰহণ কৰিছিল৷ মৃত্যু পৰ্যন্ত তেখেতে সত্ৰীয়া সংস্কৃতি আৰু গুৰু দুজনাৰ সৃষ্টিৰাজিৰ অধ্যয়ন আৰু প্ৰচাৰ-প্ৰসাৰৰ বাবে কাম কৰি আহিছিল।
উল্লেখ্য যে যোৱা ভাদ মাহত শ্ৰীশ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীয়ে সত্ৰৰ হৈ তেওঁক “শতায়ু প্ৰদীপ” উপাধি প্ৰদান কৰিছিল।













