![]()
নিউজ ডেস্কঃ
দৰ্জী স্বামীক কেইদিনমান পূৰ্বে পত্নীয়ে দিছিল এটি ব্লাউজ চিলাই কৰিবলৈ। কিন্তু ব্লাউজ চিলাই দিয়াৰ পিছত ব্লাউজৰ ডিজাইন পছন্দ নহ’ল পত্নীৰ। তাকে লৈ তীব্র বাদানুবাদ স্বামী-স্ত্রীৰ মাজত। তাৰ পিছত ঘৰলৈ গৈ চিপ লৈ আত্মহত্যা কৰে পত্নীয়ে।
হায়দৰাবাদৰ গোলনাকা তিৰুমালা নগৰৰ অম্বৰপেট এলেকাৰ বাসিন্দা শ্রীনিবাসে ঘৰে ঘৰে ঘূৰি শাৰী আৰু ব্লাউজ বিক্ৰী কৰি সংসাৰ চলায়। অর্ডাৰ লৈ ঘৰতো ব্লাউজ চিলায়। তেওঁৰ পত্নী বিজয়লক্ষ্মীয়ে দুদিন পূৰ্বে তেওঁক এটি ব্লাউজ চিলাবলৈ কয়। কিন্তু চিলোৱাৰ পিছত ব্লাউজৰ ডিজাইন পছন্দ নহয় তেওঁৰ। উক্ত বিষয়টোক লৈ স্বামীৰ সৈতে হয় তীব্র বাক-বিতণ্ডা। স্বামীয়ে ব্লাউজটো পুনৰ চিলাই কৰি দিম বোলাতো মান্ তিনহয় তেওঁ। তাৰ পিছতে তেওঁ সংঘটিত কৰে এই সৰ্বনশীয়া কাণ্ড৷












