![]()
নিউজ ডেস্কঃ
আৰক্ষী অভিযোগনাম দাখিলত ব্যৰ্থতা বাবে অসম আন্দোলনৰ শ্বহীদক অপমান কৰাৰ গুৰুত্ব অভিযোগত গ্ৰেপ্তাৰ হোৱা বাঘবৰ বিধায়ক শ্বেৰমান আলি আহমেদৰ জামিন মঞ্জুৰ। ২ মাহ ৪দিনৰ অন্তত মুকুলি আকাশৰ তললৈ বিধায়ক শ্বেৰমান আলী। ৬০টা দিন জেলত বন্দী হৈ আছিল বিতৰ্কিত বিধায়কগৰাকী। উল্লেখ্য অসম আন্দোলনৰ শ্বহীদক ঘাটক আখ্যা দি বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছিল শ্বেৰমান। অসমবাসী দাবীত ২ অক্টোবৰত দিছপুৰৰ বিধায়ক আবাসৰ পৰা পাণবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।কেইবাটাও ধাৰাত ৰুজু হৈছিল গোচৰ। পানবজাৰ থানাৰ ৫১০/২০নং গোচৰত শুকুৰবাৰে জামিন পাইছিল।কিন্তু গীতানগৰ থানাৰ ৪০৬/২১নম্বৰৰ গোচৰত বন্দী হৈ আছিল শ্বেৰমান।
গুৰুত্বপূৰ্ণ কথা দুয়োটা গোচৰতে একেই ধাৰা সন্নিবিষ্ট হৈ আছিল। ১৫৩/১৫৩(ক) আই.পি.চি ধাৰা বিধায়ক গৰাকী বিৰুদ্ধে সংলগ্ন কৰা হৈছিল।কিন্তু তদন্তকাৰীৰ আৰক্ষীয়ে নিৰ্দিষ্ট সময়ৰ ভিতৰত অভিযোগনামা আদালতক দাখিল কৰিব নোৱাৰিলে।
কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে ২০হাজাৰ টকাৰ বেল বণ্ডত জামিন প্ৰদান কৰে।
উল্লেখ্য মুঠ ৩টাকৈ গোচৰ আছিল শ্বেৰমান বিৰুদ্ধে।মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাৰ গোচৰত ইতিমধ্যে লাভ কৰিছিল জামিন।













