![]()
জিতেন বৰকটকী:
নগাঁও : নগাঁৱত পুনৰ এনকাউন্টাৰ ঘটনা। আৰক্ষীৰ মষ্ট ৱানটেড ইফু গুণ্ডা গুলি বিদ্ধ।নগাঁও চহৰৰ ড্ৰাগছ মাফিয়া তথা যুৱ কংগ্ৰেছৰ নেতা আব্দুল বাছেদ ওৰফে ইফু নগাঁৱৰ আৰক্ষীৰ এক অভিযানকাৰী দলৰ হাতত এনকাউন্টাৰত গুৰুতৰ ভাবে আহত হয়।
যোৱা নিশা প্ৰায় ইফুৰ আজাদ নগৰস্থিত বাসভৱনত আত্মগোপন কৰি থকা অৱস্থাত আৰক্ষীয়ে অভিযান চলাই তেওঁক কৰায়ত্ত কৰিবলৈ অভিযান চলোৱাৰ মূহুৰ্তত দুধৰ্ষ অপৰাধীটো পলাবলৈ চেষ্টা কৰোঁতে আৰক্ষীয়ে তেওঁলৈ লক্ষ্য কৰি গুলীয়াবলৈ বাধ্য হয়। আৰক্ষীৰ গুলি তেওঁৰ সোঁ ভৰিত লগাত ড্ৰাগছ মাফিয়া ইফু গুৰুতৰ ভাবে আহত হয়।
উল্লেখ্যযোগ্য যে, বিভিন্ন অপৰাধজনিত ঘটনাৰ লগত দীৰ্ঘদিন ধৰি জৰিত ইফুক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ চেষ্টা চলাওয়ো সফল হোৱা নাছিল যদিও আজি আৰক্ষীয়ে তেওঁক কৰায়ত্ত কৰাৰ ক্ষেত্ৰত সফলতা লাভ কৰে। বিভিন্ন সময়ত বিভিন্ন অপৰাধজনিত ঘটনাৰ বাবে তেওঁৰ বিৰুদ্ধে নগাঁও সদৰ থানাকে ধৰি বিভিন্ন আৰক্ষী থানাত কেবাটাও গোচৰ ৰুজু হৈ আছে।
এই দুধৰ্ষ অপৰাধী টোৰ লগত থকা আন ,৭জন ব্যক্তিকো আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা গ্ৰেপ্তাৰ কৰা বুলি আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই জানিবলৈ দিয়ে। ইপিনে, ঘটনাৰ পাছতে আহত ইফুক ততাতৈয়াকৈ নগাঁৱৰ শ্বহীদ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন কৰা হৈছে।













