![]()
নিউজ ডেস্কঃ
অসমীয়া সাহিত্য জগতলৈ সু-খবৰ ।দেশৰ সাহিত্য জগতৰ সৰ্বোচ্চৰ সন্মান জ্ঞানপীঠ বঁটাৰ অসমীয়া সাহিত্যৰ বৰেণ্য কবি তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নীলমণি ফুকনলৈ।জ্ঞানপীঠ বঁটা জয় কৰা তৃতীয় অসমীয়া বিশিষ্ট কবি গৰাকী।
উল্লেখ্য যে ১৯৩৩চনত দেৰগাঁৱত জন্ম গ্ৰহণ কৰিছিল।১৯৮১চনত সাহিত্য একাডেমী বঁটা, ১৯৯০ চনত পদ্মশ্ৰী সন্মানেৰে সন্মানিত হৈছিল কবি ফুকন।
গুৱাহাটীৰ বিশ্ববিদ্যালয়ৰ পৰা বুৰঞ্জীৰ বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা কবি গৰাকীৰ অসমীয়া কবিতা জগতত বিশাল অৱদান আছে।
গুৱাহাটী আৰ্য বিদ্যাপীঠ কলেজৰ অধ্যাপক কবি ফুকনে ২০০২চনত সাহিত্য অ’কাডেমীৰ ফেলশ্বিপো লাভ কৰিছিল।২০১৯চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে সন্মানীয় ডি.লিট ডিগ্ৰীৰ প্ৰদান কৰিছিল।
অসম সাহিত্য সভা ২বাৰ সভাপতি আসন অলংকৃত কৰা বিশিষ্ট কবি গৰাকীয়ে জ্ঞানপীঠ বঁটা লাভ কৰা খবৰে উৎফুল্লিত কৰি তুলিছে সমগ্ৰ অসমবাসীক।
গুৰুত্বপূৰ্ণ ইয়াৰ পূৰ্বে অসমীয়া সাহিত্য জগতত জ্ঞানপীঠ বঁটা লাভ কৰিছিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু মামণি ৰয়ছম গোস্বামীয়ে।













