![]()
নিউজ ডেস্কঃ
২০২০ বৰ্ষৰ জ্ঞানপীঠ বঁটা প্ৰদান কৰা হৈছে কবি নীলমণি ফুনলৈ৷ সন্মানীয় জ্ঞানপীঠ বঁটা লাভ কৰা তৃতীয়গৰাকী অসমীয়া হৈছে কবি নীলমণি ফুকন৷ ইয়াৰ আগতে ১৯৭৯ চনত ‘মৃত্যুঞ্জয়’ গ্ৰন্থৰ বাবে প্ৰথম অসমীয়া হিচাবে জ্ঞানপীঠ বঁটা লাভ কৰিছিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই৷ আনহাতে, ২০০০ চনত ‘দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা’ৰ বাবে মামণি ৰয়ছম গোস্বামীয়ে দ্বিতীয়গৰাকী অসমীয়া হিচাবে লাভ কৰিছিল জ্ঞানপীঠ বঁটা৷
‘কাব্যঋষি’ তথা ‘গোলাপী জামুৰ লগ্ন’ৰ কবি নীলমণি ফুনৰ জন্ম হৈছিল ১০ ছেপ্টেম্বৰ, ১৯৩৩ চনত ডেৰগাঁৱত৷ অসমীয়া সাহিত্যলৈ আগবঢ়োৱা জীৱনজোৰা অৱদানৰ বাবে তেওঁলৈ আগবঢ়োৱা হৈছে এই বঁটা৷
১৯৬১ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইতিহাসত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰি ১৯৬৪ চনত আৰ্য বিদ্যাপীঠ কলেজত অধ্যাপক হিচাপে যোগদান কৰে৷ তাৰ পৰাই তেওঁ ১৯৯২ চনত অৱসৰ গ্ৰহণ কৰে৷
নীলমণি ফুকনে লাভ কৰা বিভিন্ন বঁটা-সন্মান
১৯৯১ চনত ছগনলাল জৈন বঁটা৷
১৯৯৭ চনত অসম উপত্যকা সাহিত্য বঁটা৷
২০০২ চনত সাহিত্য অকাডেমি বঁটা৷
১৯৯০ চনত পদ্মশ্ৰী সন্মান৷
২০১৯ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ‘ডি-লীট’ উপাধি৷
প্ৰকাশিত কাব্যগ্ৰন্থ
১৯৬৩ চনত ‘সূৰ্য হেনো নামি আহে এই নদীয়েদি’
১৯৭১ চনত ‘মানস প্ৰতিমা’
১৯৭১ চনত ‘ফুলি থকা সূৰ্যমুখী ফুলটোৰ ফালে’
২০০১ চনত সাহিত্য অকাডেমি প্ৰকাশনৰ ‘কবিতা’
২০০৭ চনত সাহিত্য অকাডেমি প্ৰকাশনৰ ‘নীলমণি ফুকনৰ নিৰ্বাচিত কবিতা’৷













