![]()
নিউজ ডেস্কঃ
মাত্র ১ মিনিটৰ ভিতৰতে পাব বেদনাহীন মৃত্যু। এনে এক যন্ত্রৰ আইনী স্বীকৃতি দিছে ছুইজাৰলেণ্ড চৰকাৰে। কফিন আকৃতিৰ উক্ত যন্ত্রত কৃত্রিম উপায়েৰে অক্সিজেন আৰু কার্বন-ডাই-অক্সাইডৰ পৰিমাণ কমাই এক মিনিটৰো কম সময়ৰ ভিতৰত মৃত্যুক আমন্ত্ৰণ জনাব পৰা যায়। যন্ত্রটোৰ নাম দিয়া হৈছে ‘ছাৰকো’। জানিব পৰা মতে, স্বেচ্ছাসেৱী সংগঠন ‘এগজিট ইণ্টাৰনেচনেল’-এ যন্ত্রটো নিৰ্মাণ কৰিছে। সংস্থাটোৰ শীৰ্ষ বিষয়া তথা ‘ডঃ ডেথ’ৰূপে পৰিচিত ফিলিপ নিটশেই আছে যন্ত্রটোৰ উদ্ভাৱনৰ নেপথ্যত।
কেনেদৰে কাম কৰিব যন্ত্ৰটোৱে?
সংস্থাটোৰ দাবী, বাহিৰৰ পৰা যন্ত্রটো নিয়ন্ত্রণ কৰাৰ লগতে ভিতৰৰ পৰাও চলাব পৰা যাব। অর্থাৎ মৃত্যুৰ প্রত্যাশাত যি ব্যক্তি উক্ত যন্ত্রটোৰ ভিতৰত প্ৰৱেশ কৰিব, তেওঁ নিজেও যন্ত্রটো চলাব পাৰিব।
‘এগজিট ইন্টাৰনেচনেল’ৰ দাবী, পৰিস্থিতিৰ কথা চিন্তা কৰি কেৱল চকুৰ পতাৰ লৰচৰ কৰিয়েই যন্ত্রটোৱে সঙ্কেত গ্রহণ কৰিব পাৰিব। আনহাতে, য’ত প্ৰয়োজন তালৈকে লৈ ফুৰাব পাৰি যন্ত্ৰটো।
উল্লেখ্য, বিশেষ ক্ষেত্রত ছুইজাৰলেণ্ডত আত্মহত্যাত সহায় প্রদান কৰাটো আইনগতভাৱে বৈধ। সূত্রৰ খবৰ মতে, যোৱা বছৰ প্ৰায় ১,৩০০ লোকে এই প্রক্রিয়াৰে সহায় লৈছে। সংস্থাটোৰ দাবী, এইবাৰ আইনী বৈধতা লাভ কৰিলে আত্মহত্যা কৰাৰ যন্ত্র ‘ছাৰকো’ই। চিকিৎসক ফিলিপৰ মতে, ‘অহা বছৰৰ ভিতৰতে ছাৰকো ব্যৱহাৰৰ উপযোগী হৈ যাব ছুইজাৰলেণ্ডত।’
অৱশ্যে যন্ত্রটো সন্দৰ্ভত সমালোচনাও কম হোৱা নাই। সূত্রৰ খবৰ অনুযায়ী, এই পর্যন্ত এনে ছাৰকো যন্ত্র দুটা নিৰ্মাণ কৰা হৈ গৈছে। কিন্তু ভৱিষ্যৎ চাহিদাৰ কথা ভাবিয়ে আৰু এটি যন্ত্রৰ থ্রি–ডি প্রিন্টিং আৰম্ভ কৰিছে এগজিট ইন্টাৰনেচনেলে।











