![]()
নিউজ ডেস্কঃ
গোলাঘাটৰ থুৰামুখৰ ধনশিৰি নদীত ডুব যোৱা নুমলীগড় তেল শোধনাধাৰৰ অভিযন্তা ৰক্তিম বৰুৱাৰ মৃতদেহ উদ্ধাৰ। ঘটনাস্থলীৰ পৰা আঢ়ৈ কিলোমিটাৰ নিলগত হাঁহচৰা নামে এটি স্থানত উদ্ধাৰ হৈছে মৃতদেহটো। স্থানীয় লোকে মৃতদেহটো প্ৰত্যক্ষ আৰক্ষীক খবৰ দিয়ে আৰু পৰৱৰ্তী সময়ত ঘটনাস্থলীত বৰুৱাৰ পৰিয়াল উপস্থিত হৈ মৃতদেহটো চিনাক্ত কৰে।
উল্লেখ্য যে, ৫ নৱেম্বৰত বৰুৱাৰ পৰিয়ালৰ সহিতে আন দুটা পৰিয়ালৰ লগত বনভোজ খাবলৈ বুলি গৈছিল থুৰামুখৰ ধনশিৰি নদীৰ পাৰলৈ। সেই সময়ত, বৰুৱাৰ পুত্ৰ কন্যাৰ সৈতে খেলি থকা অৱস্থাত এটা বল পানীৰ মাজলৈ গুছি যোৱাত বলটো আনিবলৈ বুলি ধনশিৰি বক্ষত যোৱাৰ পাছত নিখোজ হৈ পৰিছিল । নিখোজ হোৱাৰ দিনৰে পৰা SDRF আৰু NDRF দলে উদ্ধাৰ অভিযান চলাই আহিছিল যদিও উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাছিল । অৱশেষত আজি পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হয় বৰুৱাৰ মৃতদেহ।













