![]()
নিউজ ডেস্কঃ
আজি পুৱা প্ৰায় ১০.৩০ বজাত চিলাপথাৰ চিলি ফ্ৰণ্টিয়াৰ হাইস্কুলৰ সমীপৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ংকৰ পথ দূৰ্ঘটনা সংঘটিত হৈ থিতাতে ১ গৰাকী শ্ৰমিত নিহত হোৱাৰ লগতে ২৬ গৰাকী শ্ৰমিক গুৰুত্বৰভাৱে আহত হয়। সীমান্ত পথ নিৰ্মাণ সংস্থাৰ শ্ৰমিক কঢ়িয়াই অনা WB-65-C-2654 নম্বৰৰ ট্ৰাকখন নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে বাগৰি পৰে।
জানিব পৰা মতে, আহত প্ৰায় বহু শ্ৰমিকৰ অৱস্থা সংকটজনক। শ্ৰমিক সকল পশ্চিমবংগৰ পৰা ৰেলেৰে আহি জোনাইত উপস্থিত হৈছিল আৰু পথ নিৰ্মাণৰ বাবে তেওঁলোকক চিলাপথাৰলৈ লৈ অনা হৈছিল। বৰ্তমানলৈকে মৃত ব্যক্তিৰ নাম জানিব পৰা হোৱা নাই।













