![]()
নিউজ ডেক্স:
তামিলনাডুৰ কুন্নুৰত হেলিকপ্টাৰ দুর্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ‘চীফ অব ডিফেন্স ষ্টাফ’ বিপিন ৰাৱাট। ভাৰতীয় সেনাৰ সর্বাধিনায়কজনক গুৰুতৰভাৱে আঘাতপ্ৰাপ্চ অৱস্থাত উদ্ধাৰ কৰা হৈছে। তেওঁক হস্পিটেলত ভৰ্তি কৰোৱা হৈছে। হেলিকপ্টাৰখনত বিপিন ৰাৱাটৰ লগতে আছিল পত্নী মধুলিকাও।
বুধবাৰে দিনৰ ১২.৪০ বজাত তামিলনাডুৰ কুন্নুৰৰ অৰণ্যত দুৰ্ঘটনাত পতিত হয় সেনাৰ এমআই- ১৭ হেলিকপ্টাৰখন। দুর্ঘটনাস্থলীৰ পৰা বিপিন ৰাৱাটক অগ্নিদগ্ধ অৱস্থাত উদ্ধাৰ কৰা হয়। তেওঁক হস্পিটেলত ভর্তি কৰোৱা হৈছে।
সেনাৰ উক্ত হেলিকপ্টাৰখনত বিপিন পাৱাটসহ মুঠ ৯জন লোক আছিল। ঘটনাস্থলীত উদ্ধাৰকাৰ্য তীব্ৰগতিত চলিছে। কুন্নুৰৰ গভীৰ অৰণ্যত হেলিকপ্টাৰখন ভাঙি পৰাৰ পিছতেই তাত জুই লাগি যায়। নীলগিৰিৰ উপায়ুক্তই জনোৱা মতে, দুর্ঘটনাটোত ৪ জনৰ মৃত্যু হৈছে।
উল্লেখ্য, হেলিকপ্টাৰখনত আছিল বহুকেইজন উচ্চপদস্থ সেনা বিষয়াও। ঘটনাৰ তদন্তৰ নির্দেশ দিয়া হৈছে।
হেলিকপ্টাৰখনত সেনাৰ সৰ্বাধিনায়ক বিপিন ৰাৱাট, পত্নী, ব্রিগেডিয়াৰ এল এছ লিড্ডৰ, লেফটেনেণ্ট কর্নেল হৰজিন্দৰ সিং, নায়ক গুৰসেৱক সিং, নায়ক জিতেন্দ্র কুমাৰ, লেন্স নায়ক বিবেক কুমাৰ, লেন্স নায়ক বি সাই তেজা, হাবিলদাৰ সৎপাল হেলিকপ্টাৰখনত আছিল বুলি জনা গৈছে।












