![]()
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
পত্নীসহ ডিব্ৰুগড়লৈ গৈ থকা পথত বিজেপি বিধায়ক টেৰছ গোৱালাক চলন্ত ৰে’লত আক্ৰমণ । দিল্লী-ডিব্ৰুগড় ৰাজধানী ৰে’লত সংঘটিত হয় এই ঘটনা। একেটা ডবাতে আহি থকা লামডিঙৰ ৰমাকান্ত ৰয় নামৰ যাত্ৰীয়ে বিধায়ক গৰাকীক আক্ৰমণ কৰাৰ অভিযোগ। লামডিঙ ৰেলৱে ষ্টেচনত ৰেলৱে আৰক্ষী আৰু অসম আৰক্ষীয়ে আটক কৰে অভিযুক্ত ৰমাকান্ত ৰয়ক। বিধায়কগৰাকীক আক্ৰমণ কৰাক লৈ নিশা উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় লামডিঙ ষ্টেচনত। লামডিঙ বিধায়কৰ লগতে কৰ্মীসকলো উপস্থিত হৈ টেৰচ গোৱালাৰ বুজ লয়।












