![]()
নিউজ ডেস্কঃ
ভাৰতীয় সেনাৰ সর্বাধিনায়ক তথা ‘চীফ অব ডিফেন্স ষ্টাফ’ (চিডিএস) বিপিন ৰাৱাটৰ মৃত্যু। বুধবাৰে দুর্ঘটনাৰ কবলত পৰিছিল সেনাৰ এমআই-১৭ হেলিকপ্টাৰ। তাতে সপত্নীক আছিল চিডিএছ আৰু কেইবাজনো সেনা বিষয়া। বায়ুসেনা সূত্র মতে, মৃত্যু হোৱা ১৩ জনৰ ভিতৰত আছে বিপিন ৰাৱাট আৰু তেওঁৰ পত্নী মধুলিকা ৰাৱাটো।
বুধবাৰে তামিলনাডুৰ কুন্নুৰৰ নীলগিৰি অৰণ্যত ভূপতিত হৈছিল সেনাৰ হেলিকপ্টাৰখন। অগ্নিদগ্ধ, গুৰুতৰভাৱে আহত অৱস্থাত বিপিন ৰাৱাটক উদ্ধাৰ কৰি হস্পিটেললৈ লৈ যোৱা হয়। সংবাদ সংস্থা এএনআই সূত্র মতে, হেলিকপ্টাৰত থকা ১৪ জনৰ ভিতৰত ১৩ জনৰেই মৃত্যু হৈছে।












