![]()
নিউজ ডেস্কঃ
তিনিওটা সেনা বাহিনীৰ এগৰাকী প্ৰধান নিযুক্ত কৰাৰ সিদ্ধান্ত লৈছিল মোদী চৰকাৰে৷ তাৰ ফলশ্ৰুতিতেই স্বাধীন ভাৰতৰ সামৰিক ইতিহাসত সশস্ত্র বাহিনীৰ তিনিওটা শাখাৰ সর্বাধিনায়ক হোৱাৰ কৃতিত্ব অৰ্জন কৰে জেনেৰেল বিপিন ৰাৱাটে৷
সেনা জোৱানৰ তেজ বংশগতভাৱে লৈ অহা বিপিন ৰাৱাটৰ পথ পৰিক্ৰমা এবাৰ চাওঁ আহক :
* ১৯৫৮ চনৰ ১৬ মার্চত উত্তৰাখণ্ডৰ পৌড়ীৰ গাড়োৱাল ৰাজপুত পৰিয়ালত জন্ম বিপিন ৰাৱাটৰ।
* সেনাবাহিনীত যোগদানৰ ইতিহাস বংশানুক্রমিক।
* পিতৃ লক্ষ্মণ সিং ৰাৱাট আছিল ভাৰতীয় সেনাৰ লেফটেনেণ্ট জেনেৰেল।
* চিমলাৰ ছেণ্ট এডৱার্ড স্কুলত পঢ়া-শুনা কৰি পুণেলৈ যাত্ৰা।
* খড়কভাছলাৰ নেচনেল ডিফেন্স একাডেমিৰ পৰা ডেৰাডুনৰ ইণ্ডিয়ান মিলিটাৰী একাডেমিত প্রশিক্ষণ৷
* ১৯৭৮ চনৰ ডিচেম্বৰত সেনাৰ ১১ গোর্খা ৰাইফলছ বেটেলিয়নত যোগদান।
* জম্মু-কাশ্মীৰত সন্ত্রাস দমন অভিযানৰ পৰা ৰাজৌৰিৰ নিয়ন্ত্রণৰেখাত পাক আক্ৰমণ প্রতিৰোধৰ নেতৃত্ব দিছে সন্মুখৰ পৰা।

* উত্তম যুদ্ধ সেৱা মেডেল, পৰম বিশিষ্ট সেৱা মেডেলসহ একাধিক সেনা সন্মান লাভ।
* আফ্রিকাৰ কঙ্গোত ৰাষ্ট্ৰসংঘৰ শান্তিসেনাৰ এটি ব্রিগেডৰ নেতৃত্ব প্ৰদান।
* মেজৰ জেনেৰেল হিচাবে ১৮ নম্বৰ পদাতিক ডিভিজনৰ কমাণ্ডিং অফিচাৰৰ দায়িত্ব পালন।
* লেফটেনেণ্ট জেনেৰেল পদলৈ উত্তীর্ণ হৈ নাগালেণ্ডৰ ডিমাপুৰত সেনাৰ ৩ নম্বৰ ক’ৰৰ কমাণ্ডাৰৰ দায়িত্ব লাভ।
* পুণেৰ দক্ষিণাঞ্চলীয় সেনা কমাণ্ডৰ প্রধান।
* ২০১৬ চনৰ ৩১ ডিচেম্বৰত সেনাপ্রধান হিচাবে দায়িত্ব লাভ।
* ২০১৯ চনৰ ৩১ ডিচেম্বৰত স্থলসেনা প্রধান হিচাবে অৱসৰ গ্ৰহণৰ কথা আছিল ৰাৱাটৰ।
* কিন্তু তাৰ এদিন পূৰ্বে দেশৰ প্রথম সেনা সর্বাধিনায়ক পদত নিযুক্তি মোদী চৰকাৰৰ।












