![]()
নিউজ ডেস্কঃ
এদিনীয়া ক্রিকেটৰ অধিনায়কত্বও এৰিলে বিৰাট কোহলিয়ে। তেওঁৰ স্থানত নতুন অধিনায়ক নিযুক্ত কৰা হৈছে ৰোহিত শর্মাক। বুধবাৰে টুইটযোগে আনুষ্ঠানিকভাৱে বিচিচিআয়ে এই কথা ঘোষণা কৰে।
ফলত আগন্তুক দক্ষিণ আফ্রিকা ভ্ৰমণত এদিনীয়া শৃংখলাত ভাৰতক নেতৃত্ব প্ৰদান কৰিবলৈ আগবাঢ়িছে ৰোহিত শৰ্মাই। কেৱল সেয়াই নহয়, আগন্তুক দক্ষিণ আফ্রিকাত হ’বলগীয়া টেষ্ট শৃংখলাৰ বাবেও দলৰ সহ-অধিনায়কৰ দায়িত্ব দিয়া হৈছে ৰোহিত শৰ্মাক।













