![]()
নিউজ ডেস্কঃ
নতুন দিল্লীৰ পৰা তামিলনাডুৰ চুলুৰ উদ্দেশ্যে ৰাওনা হৈছিল ‘চিফ অব ডিফেন্স ষ্টাফ’ তথা সেনা সর্বাধিনায়ক বিপিন ৰাৱাট। লগত আছিল পত্নী মধুলিকা ৰাৱাটো। সেই যাত্রা শেষ হৈছিল নির্বিঘ্নে। কিন্তু চুলুৰৰ পৰা ৱেলিংটনৰ উদ্দেশ্যে উৰা মৰাৰ কিছু সময়ৰ ভিতৰতেই ঘটে ভয়াৱহ দুর্ঘটনা। কিন্তু কেনেদৰে ঘটিল ইমান ডাঙৰ দুর্ঘটনা? সেই ৰহস্য লুকাই আছে নীলগিৰৰ কোলাত থকা এখন চাহ বাগানত। তাতেই আকাশৰ পৰা মাটিত ভাঙি পৰিছিল ৰাৱাটৰ হেলিকপ্টাৰ।
দুর্ঘটনাৰ ফলত হেলিকপ্টাৰত থকা ১৪ জনৰ ভিতৰত ১৩ জনৰেই মৃত্যু হৈছে। ঘটনাস্থলীৰ পৰা প্রাথমিকভাবে অগ্নিদগ্ধ অৱস্থাত উদ্ধাৰ কৰা হয় বিপিন ৰাৱাটক। ভর্তি কৰোৱা হয় হস্পিটেলত। কিন্তু ইয়াৰ কিছু সময়ৰ ভিতৰতেই মৃত্যু হয় তেওঁৰ। প্রাণ হেৰুৱায় পত্নী মধুলিকাইও। উক্ত দুর্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ হস্পিটেলত ভর্তি হৈ আছে ভাৰতীয় বায়ুসেনাৰ গ্রুপ কেপ্টেইন বৰুণ সিং। দুর্ঘটনাৰ পিছত জুই জ্বলি উঠে হেলিকপ্টাৰখনত। যাত্রীসকলৰ সকলোৱেই কম-বেছি পৰিমাণে অগ্নিদগ্ধ হয়। নিহতসকলক চিনাক্ত কৰিবলৈ ডিএনএ পৰীক্ষা কৰা হ’ব বুলি সূত্রৰ খবৰ। কেনেদৰে দুর্ঘটনা সংঘটিত হ’ল সেয়া জানিবলৈ তদন্তৰ নির্দেশ দিছে ভাৰতীয় বায়ুসেনা বাহিনীয়ে।
বুধবাৰে পুৱা দিল্লীৰ পৰা তামিলনাচুৰ চুলুৰলৈ যায় সপত্নীক বিপিন ৰাৱাট। চুলুৰ এয়াৰবেছৰ পৰা হেলিকপ্টাৰত উঠি তেওঁলোক যোৱা কথা আছিল তামিলনাডুৰ নীলগিৰি জিলাৰ ৱেলিংটনলৈ। বুধবাৰে তেওঁৰ ৱেলিংটন যাত্ৰাত সঙ্গী আছিল সেনাৰ বহিকেইজন উচ্চপদস্থ বিষয়া। সমুদ্র পৃষ্ঠৰ পৰা ৱেলিংটনৰ উচ্চতা এক হাজাৰ ৮৮০ মিটাৰ। বুধবাৰে কুঁৱলীৰে আৱৰা আছিল অঞ্চলটো। প্রথম যাত্ৰাটো নির্বিঘ্নে ঘটিলেও, ৰাৱাটৰ ৱেলিংটন যাত্রাত ঘটে দুর্ঘটনা। চুলুৰৰ পৰা উৰাৰ কিছু সময় পিছতে ১২.৪০ বজাত তেওঁলোকৰ হেলিকপ্টাৰখন ভূপতিত হয় নীলগিৰিৰ এখন চাহ বাগানত। সূত্র মতে, গন্তব্য স্থানৰ পৰা সেই সময়ত হেলিকপ্টাৰখনৰ দূৰত্ব আছিল মাত্র ৫ মিনিটৰ।












