![]()
মনোৰঞ্জনঃ
কণ্ঠশিল্পী সুবাসনা দত্ত সাজু নিজ প্ৰথমটো এলবাম মুক্তি দিবলৈ। “সোণ পৰুৱা” নামে নতুন এলবামটিৰ বাবে কণ্ঠশিল্পী গৰাকীৰ অনুৰাগীৰ লগতে তেওঁ নিজেও অপেক্ষাৰত হৈ পৰিছে। উক্ত এলবামটিৰ “ভালপোৱা হ’ব খোজে” শীৰ্ষক প্ৰথমটো গীত অতিশীঘ্ৰে শ্ৰোতা-দৰ্শকৰ মাজত লাভ কৰিব মুক্তি। তেওঁৰ গীত সমূহে ক্ষন্তেকতে জনসাধাৰণক নিজৰ ফলীয়া কৰিবলৈ সক্ষম হয়। নিজ পুত্ৰৰ সৈতে কমেডি ৰীল ভিডিঅ’ৰে অনুৰাগীক হহুৱাবলৈ প্ৰয়াস কৰি থকা সুবাসনা দত্তৰ আগন্তুক এই এলবামটোৰ বাবে অপেক্ষাৰত এতিয়া সকলো।
অসমীয়া সংগীত ক্ষেত্ৰৰ এগৰাকী প্ৰতিষ্ঠিত শিল্পী হৈছে সুবাসনা দত্ত। তেওঁৰ প্ৰত্যেকটা গীতৰ জনপ্ৰিয়তাৰ সমান্তৰালকৈ তেওঁৰ অনুৰাগীৰ সংখ্যাও সৰ্বাধিক।সৰুৰ পৰাই মঞ্চত গীত পৰিৱেশন কৰি অহা সুবাসনাই পেছাগতভাৱে গীত গোৱাৰ সুবিধা লাভ কৰিছিল মুনীন বৰুৱাৰ ছবি “ৰং” ৰ দ্বাৰা; হাৰ্টথ্ৰৱ জুবিন গাৰ্গে আমন্ত্ৰণ কৰিছিল সুবাসনাক উক্ত ছবিখনৰ গীতত কন্ঠদান কৰিবলৈ।













