![]()
নিউজ ডেস্কঃ
দিল্লীৰ সেনা ছাউনিত শুক্রবাৰে বিয়লি প্রয়াত সেনা সর্বাধিনায়ক জেনেৰেল বিপিন ৰাৱাট আৰু তেওঁৰ পত্নী মধুলিকাৰ শেষকৃত্য সম্পন্ন হ’ব। বৃহস্পতিবাৰে প্রতিৰক্ষা মন্ত্রালয়ৰ তৰফৰ পৰা এই কথা জনোৱা হৈছে।
বৃহস্পতিবাৰে বিয়লি তামিলনাডুৰ চুলুৰ বিমানঘাটিৰ পৰা ভাৰতীয় বায়ুসেনাৰ বিশেষ বিমানেৰে জেনেৰেল ৰাৱাট আৰু তেওঁৰ পত্নী মধুলিকাৰ মৃতদেহ দিল্লীলৈ অনা হ’ব। ইয়াৰ পিছত দুয়োৰে মৃতদেহ ৰখা হ’ব তেওঁলোকৰ ঘৰত।
সেনাৰ তৰফৰ পৰা জনোৱা হৈছে যে শুক্রবাৰে পুৱা ১১টাৰ পৰা ২টা পর্যন্ত হেলিকপ্টাৰ দুৰ্ঘটনাত প্রয়াত সেনা সর্বাধিনায়কজনৰ প্রতি শেষ শ্রদ্ধা জনাব পাৰিব তেওঁৰ অনুৰাগীসকলে। ইয়াৰ পিছত কামৰাজ মার্গৰ পৰা আৰম্ভ হ’ব শেষযাত্রা। দিল্লী সেনা ছাউনিৰ ব্রাৰ স্কোৱেৰৰ অন্ত্যেষ্টিক্ৰিয়াস্থলত সম্পূর্ণ সামৰিক মর্যাদাৰে হ’ব শেষকৃত্য।













