![]()
নিউজ ডেস্কঃ
বুধবাৰে দিল্লীত প্ৰকাশ পায় ৰাজ্যসভাৰ সাংসদ তথা ছুপ্রিম কোর্টৰ প্রাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ আত্মজীৱনী ‘জাষ্টিচ ফৰ দ্য জাজ’৷ উক্ত আত্মজীৱনীত ৰঞ্জন গগৈয়ে আনিছে অসমৰ এনআৰচি প্ৰস্তুত প্ৰক্ৰিয়াৰ সময়ৰ কেইবাটাও গুৰুতৰ অভিযোগ৷
নিজৰ আত্মজীৱনীত ৰঞ্জন গগৈয়ে অভিযোগ আনিছে যে অসমত এনআৰচিৰ কাম লেহেমীয়া কৰিবলৈ হেঁচা দিছিল কেন্দ্ৰই! আনহাতে, বিচাৰ প্ৰক্ৰিয়াত প্রভাৱ খটুওৱাৰ চেষ্টা কৰিছিল অসমৰ প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে। আত্মজীৱনীখনত এয়াও দাবী কৰা হৈছে যে বিচাৰ প্রক্রিয়াৰ পৰা আঁতৰাবলৈয়ে তেওঁৰ ওপৰত যৌন নিগ্রহৰ অভিযোগ অনা হৈছিল।
আত্মজীৱনীত উল্লেখ কৰা মতে, কেন্দ্রই কোনো কাৰণতে এনআৰচিৰ কাম সোনকালে শেষ কৰিব বিচৰা নাছিল। এই কথা দেশৰ এজন শীর্ষতম আমোলাই তেওঁৰ ঘৰলৈ গৈ পাকে-প্ৰকাৰে বুজাবলৈ চেষ্টা কৰিছিল। কিন্তু নিজৰ বিচাৰ বা সিদ্ধান্তত কোনা বাহিৰা হস্তক্ষেপ তেওঁ পছন্দ নকৰে বুলি স্পষ্ট আৰু ভদ্রভাবে আমোলাজনক জনাইছিল। ৰঞ্জন গগৈৰ অন্য এক দাবী, ৰাজ্যিক প্রশাসনেও এনআৰচিৰ কামত বাধাৰ সৃষ্টি কৰিছিল।
‘জাষ্টিচ ফৰ দ্য জাজ’ নামৰ আত্মজীৱনীখনত প্রয়াত মুখ্যমন্ত্রী তৰুণ গগৈৰ বিৰুদ্ধে আনিছে আন এক অভিযোগ। গুৱাহাটী হাইকোর্টৰ প্রধান ন্যায়াধীশ হৈ থকা সময়ত প্ৰভাৱ খটুওৱাৰ চেষ্টা কৰিছিল তৎকালীন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে৷ এজন কনিষ্টবলৰ ক্ষেত্রত গোচৰৰ ৰায় ৰাজ্য চৰকাৰৰ পক্ষত দিবলৈ তৰুণ গগৈয়ে হেঁচা প্ৰয়োগ কৰিছিল।













