![]()
নিউজ ডেস্কঃ
বিপিন ৰাৱাটৰ দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰখনৰ ‘ব্লেক বক্স’ উদ্ধাৰ হৈছে। বৃহস্পতিবাৰে পুৱাতেই সেইটো উদ্ধাৰ হৈছে তামিলনাডুৰ কুন্নুৰৰ দুর্ঘটনাস্থলীৰ পৰা কিছু দূৰৈত।
‘ব্লেক বক্স’ বা বিমানৰ ‘ফ্লাইট ডেটা ৰেকর্ডাৰ’-এ আচলতে উড়ানৰ গুৰুত্বপূর্ণ তথ্য আৰু ককপিটৰ কথাবার্তা ৰেকর্ড কৰে। দেশৰ প্রথম সেনা সর্বাধিনায়কৰ হেলিকপ্টাৰ দুর্ঘটনাগ্রস্ত হোৱাৰ পূৰ্বে কি পৰিস্থিতিৰ সৃষ্টি হৈছিল সেয়া এই ‘ব্লেক বক্স’ পৰীক্ষা কৰি জানিব পৰা যাব বুলি অনুমান।
উল্লেখ্য, বুধবাৰে দুপৰীয়া হেলিকপ্টাৰখন দুর্ঘটনাৰ কবলত পৰাৰ পিছৰ পৰাই ব্লেক বক্সৰ অনুসন্ধান চলাইছিল উদ্ধাৰকাৰীসকলে। দুর্ঘটনাস্থলীৰ পৰা ৩০০ মিটাৰ দূৰৰ পৰিধিত তাৰ তালাচী চলোৱা হয় যদিও সন্ধান লাভ কৰা হোৱা নাছিল। পিছত তালাচীৰ পৰিধি বৃদ্ধি কৰি ১ কিলোমিটাৰ কৰা হয়। তাৰ পিছতেই আজি পুৱা তাৰ সন্ধান পোৱা যায়।













