![]()
নিউজ ডেস্কঃ
বুধবাৰে দুৰ্ঘটনাত পতিত হোৱা অভিশপ্ত হেলিকপ্টাৰখনত আছিল মুঠ ১৪ জন ব্যক্তি। কিন্তু তাৰে মাজৰ পৰা জীৱিত অৱস্থাত আছে একমাত্ৰ তেৱেঁই। বুধবাৰে তামিলনাডুৰ কুন্নুৰত ভয়াৱহ হেলিকপ্টাৰ দুর্ঘটনাত সেনা সর্বাধিনায়ক বিপিন ৰাৱাটসহ মুঠ ১৩ জনৰ মৃত্যু হয়।
গুৰুতৰভাৱে আহত অৱস্থাত হস্পিটেলত ভর্তি হৈ আছে একমাত্র গ্রুপ কেপ্টেইন বৰুণ সিং। বর্তমান কোৱেম্বাটোৰৰ ৱেলিংটনৰ সেনা হস্পিটেলত চিকিৎসাধীন তেওঁ। তেওঁৰ শৰীৰৰ বেছিখিনিয়ে পোৰা গৈছে। গুৰুতৰভাবে আহতও হৈছে তেওঁ। তামিলনাডু চৰকাৰৰ ফালৰ পৰা শ্ৰেষ্ঠ চিকিৎসা প্ৰদানৰ যাৱতীয় ব্যৱস্থাও কৰা হৈছে। বৰুণ সিঙৰ আত্মীয় দীনেশ প্রতাপ সিঙে কোৱা মতে, ‘হস্পিটেলত চিকিৎসা চলি আছে। বায়ুসেনাৰ প্রতিটো বিবৃতিৰ ফালে আমি দৃষ্টি ৰাখি আছো৷’
উল্লেখ্য, বিগত আগষ্ট মাহত শৌর্য চক্র লাভ কৰিছিল গ্রুপ কেপ্টেইন বৰুণ সিঙে। যোৱা বছৰ গুৰুতৰ যান্ত্রিক বিজুতিৰ পিছতো তেওঁ যেনেদৰে দক্ষতাৰ সৈতে সেনা বিমান তেজস ফাইটাৰ জেটক চম্ভালিছিল আৰু সুৰক্ষিতভাবে অৱতৰণ কৰাইছিল, তাৰ বাবেই তেওঁক এই শৌর্য চক্র দিয়া হৈছিল।
আনহাতে, গ্রুপ কেপ্টেইন বৰুণ সিঙৰ চিকিৎসাত যাতে কোনো ধৰণৰ ত্ৰুটি নাথাকে সেয়া নিশ্চিত কৰাৰ নির্দেশ দিছে তামিলনাডু চৰকাৰে।













