![]()
নিউজ ডেস্কঃ
অভিনয়ৰ প্রতি টান আছিল শৈশৱৰ পৰাই। সুযোগ পালেই স্কুলৰ নাটকত নাম লিখাইছিল। দুপৰীয়া সময়ত মাকৰ সৈতে বহি বগা-ক’লা টিভিত চাইছিল কালজয়ী ছবিবোৰ। কিন্তু তেতিয়াও দিয়াই জানিব পৰা নাছিল যে তেওঁৰ বাবে অপেক্ষা কৰি আছে বলিউডে। পৰ্যায়ক্ৰমে আগবাঢ়িছিল বলিউডৰ পথত। প্ৰস্তুত কৰিছিল নিজকে। স্কুলৰ মঞ্চৰ পৰা ফিলিপিনছৰ মেনিলা। ২০০০ চনত মাত্র ১৯ বছৰতেই জয় কৰিছিল ‘মিছ এছিয়া পেচিফিক’ খিতাপ।
হয়, এয়া দিয়া মির্জাৰ কথাকে কোৱা হৈছে। ৯ ডিচেম্বৰত তেওঁৰ জন্মদিন। আজি ৪০ বছৰত ভৰি দিলে অভিনেত্ৰী দিয়া মিৰ্জাই।
১৯৮১ চনত হায়দৰাবাদত দিয়াৰ জন্ম। পিতৃ ফ্ৰেঙ্ক হেন্ড্রিক আছিল জার্মান। মাতৃ দীপা দেৱী বঙালী। দুয়োৰেই পেছা স্থাপত্যবিদ্যাকেন্দ্রিক। দিয়াৰ মাত্র চাৰে চাৰি বছৰ বয়সতে তেওঁলোকৰ বিবাহবিচ্ছেদ হয়। দীপা দেৱীয়ে বিয়া কৰায় আহমেদ মির্জাক। ফলত দিয়াৰ নামৰ পৰা হেন্ড্রিক আঁতৰি হয় মির্জা।
২০০১ চনত ‘ৰেহনা হ্যায় তেৰে দিল মে’ ছবিৰ জৰিয়তে বলিউডত আত্মপ্রকাশ দিয়াৰ। তেওঁৰ বিপৰীতে অভিনয় কৰে আৰ মাধৱনে। বক্স অফিচত সিমান সফল নহ’লেও প্রশংসিত হৈছিল নৱাগতা নায়িকাগৰাকী।













