![]()
নিউজ ডেস্কঃ
দিল্লী সীমান্তত ১৫ মাহ ধৰি চলা কৃষক আন্দোলনৰ সম্প্ৰতি ইতি পেলালে হিদ্ৰোহী কৃষকসকলে। শনিবাৰে সিঙ্ঘু সীমান্তৰ পৰা তম্বু আঁতৰাই নিয়া আৰম্ভ কৰিব বুলি জনাইছে সংযক্ত কৃষক মর্চাৰ নেতাসকলে। তেওঁলোকৰ প্রধান দাবী মানি নৰেন্দ্র মোদী চৰকাৰে তিনি কৃষি আইন প্রত্যাহাৰৰ পিছতো কৃষক সংগঠনবোৰে ছয়দফীয়া দাবী তুলিছিল। সেই সকলোবোৰ দাবী মানিবলৈ ৰাজী হ’লেও, কেন্দ্রীয় গৃহ ৰাজ্যমন্ত্রী অজয় মিশ্র টেনিকক মন্ত্ৰীসভাৰ পৰা বৰ্খাস্ত আৰু গ্রেপ্তাৰৰ দাবী মানি লোৱা নাই চৰকাৰে। বৃহস্পতিবাৰে কেন্দ্রৰ পত্ৰ লাভ কৰে কৃষকসকলে। তাৰ পিছতেই তেওঁলোকে আন্দোলন বন্ধ কৰাৰ সিদ্ধান্ত লয়।












