![]()
নিউজ ডেস্কঃ
বিমানত বিমানসেৱিকা বা এয়াৰহোষ্টেজ সকলোৱেই দেখিছে। অৱশ্যে অতীতত ৰে’লতো ৰে’লসেৱিকা দেখা গৈছিল। কিন্তু সেয়া আছিল নিৰ্বাচিত ৰে’লত পৰীক্ষামূলকভাবে। এইবাৰ বিশেষ কিছু ৰে’লত ৰে’লসেৱিকা পোৱা যাব। অৱশ্যে এই সেৱা হ’ব কেৱল দিনৰ বেলাহে। দিন-ৰাতি মিলাই চলা ৰে’লবোৰত বৰ্তমানৰ দৰে পুৰুষ ৰে’লসেৱকসকলেই থাকিব।
উল্লেখ্য, অতীজত তেজস এক্সপ্রেছত এই ব্যৱস্থা আৰম্ভ হৈছিল। বৰ্তমান ঠিক হৈছে শতাব্দী, গতিমান, তেজসৰ লগতে প্রিমিয়াম ৰে’লবোৰত ৰে’লসেৱিকা নিয়োগ কৰা হ’ব। ৰে’লত উঠাৰ সময়ত যাত্রীসকলক স্বাগতম জনোৱাৰ পৰা খাদ্য পৰিবেশন, অভিযোগ শুনাৰ কাম কৰিব তেওঁলোকেই। অৱশ্যে প্রিমিয়াম ৰে’ল হোৱা সত্ত্বেও ৰাজধানী আৰু দুৰন্ত এক্সপ্রেছত ৰে’লসেৱিকা নিয়োগ কৰা নহ’ব। কাৰণ এই ৰে’লকেইখন দিন-ৰাতি চলে ৷












