![]()
নিউজ ডেস্কঃ
তামিলনাডুৰ কুন্নুৰত হেলিকপ্টাৰ দুর্ঘটনাত মৃত্যু হয় দেশৰ প্রথম সেনা সর্বাধিনায়ক বিপিন ৰাৱাট, তেওঁৰ পত্নীসহ মুঠ ১৩ জনৰ। ঘটনা সন্দৰ্ভত বৃহস্পতিবাৰে সংসদত বিবৃতি দিয়ে প্রতিৰক্ষামন্ত্রী ৰাজনাথ সিঙে। তেওঁ জনায়, ‘দুর্ঘটনাত মুঠ ১৩ জনৰ মৃত্যু হৈছে। সেনাৰ হস্পিটেলত চিকিৎসা চলিছে দুর্ঘটনাত একমাত্র জীৱিত ব্যক্তি গ্রুপ কেপ্টেইন বৰুণ সিঙৰ। প্রয়োজনত তেওঁক অন্য হস্পিটেললৈ পঠোৱা হ’ব পাৰে। নিহতসকলৰ ৰাষ্ট্রীয় মর্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হ’ব।’
প্রতিৰক্ষামন্ত্রীয়ে লগতে জনায়, দুৰ্ঘটনাটো ঘটে দিনৰ ১২.১৫ বজাত। ১২.০৮ বজাৰ পৰা চুলুৰ এয়াৰবেছৰ এয়াৰ ট্ৰেফিক কন্ট্রোলাৰৰ সৈতে হেলিকপ্টাৰখনৰ যোগাযোগ বিচ্ছিন্ন হৈ যায়। লগতে এই ঘটনাৰ তদন্তৰ বাবে তিনিওটা বহিনীৰ যৌথ তদন্ত কমিটি গঠন কৰাৰ নির্দেশ দিছে বায়ুসেনাই। তদন্ত কমিটিৰ নেতৃত্বত থাকিব এয়াৰ মাৰ্শ্বেল মানবেন্দ্র সিং৷












