![]()
নিউজ ডেস্কঃ
বিশ্বৰ জনপ্রিয় আলোচনী ফোবৰ্ছৰ ক্ষমতাশালী ব্যক্তিত্বৰ তালিকাত দৃষ্টি থাকে সমগ্ৰ বিশ্বৰ। ২০২১ চনৰ ক্ষমতাশালী নাৰীৰ তালিকাত পুনৰ স্থান লাভ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ৷ এইবাৰৰ তালিকাত ৩৭ নম্বৰ স্থান দখল নির্মলা সীতাৰমনৰ। ফোর্বছ আলোচনীৰ ক্ষমতাশালী ব্যক্তিত্বৰ তালিকাত বিগত দুই বছৰ ধৰি স্থান দখল কৰি আছে নির্মলা সীতাৰমনে।

২০১৯ চনত প্রথমবাৰ ফোর্বছৰ তালিকাত ৩৪ নম্বৰ স্থানত অন্তৰ্ভুক্ত হৈছিল বিত্তমন্ত্রী নির্মলা সীতাৰমন। ২০২০ চনত ৪১ নম্বৰলৈ অৱনমিত হয়। প্ৰথম স্থানত আমেৰিকাৰ মেককেঞ্জি স্কট৷ দ্বিতীয় স্থানত আছে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছ। ৪৩ নম্বৰ স্থানত বাংলাদেশৰ প্রধানমন্ত্রী শ্বেখ হাচিনা।

আনহাতে, ফোর্বছৰ তালিকাত ৫২ নম্বৰ স্থানত আছে এইচচিএল কর্পোৰেচনৰ চিইঅ’ ৰৌশনি নাদাৰ মলহোত্রা। বায়’কনৰ এক্সিকিউটিভ চেয়াৰপাৰ্ছন কিৰন মজুমদাৰ শ্ব’ও আছে ৭২ নম্বৰ স্থানত। জনপ্রিয় কোম্পানী ‘নাইকা’ৰ প্রতিষ্ঠাতা ফাল্গুনী নায়াৰ তালিকাৰ ৮৮ নম্বৰ স্থানত আছে।












