![]()
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
হোজাই জিলাৰ বিভিন্ন অঞ্চলত ওৰে নিশা শুবলৈ নাপালে ২০০ জনীয়া হাতীৰ জাকৰ আতংকত।
নিশা ডবকাৰ আশীনগৰ, লংলীবস্তী, মোবাৰকবস্থি, চন্দন পুৰ, সিদ্ধেশ্বৰপুৰ আদি অঞ্চলত সন্ত্ৰাস চলায় প্ৰায় ২০০ জনীয়া এটা হাতীৰ জাকে৷ নিশা হাতী চাবলৈ ৰাজপথলৈ ওলাই আহে শ-শ ৰাইজ৷
বন বিভাগৰ লোকে ফটকা ফুটাই হাতীৰ বৃহৎ জাকটো খেদিবলৈ চেষ্টা কৰি ব্যৰ্থ হয়৷
আশীনগৰত হাতীৰ জাকটোৱে বহুকেইটা বাসগৃহ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে মোবাৰকবস্থি, নিজ ডবকা আৰু লংলীবস্তিত বহুকেইটা ঘৰ-দুৱাৰ ভাঙি নষ্ট কৰে৷
হঠাৎ নিশা ওলাই অহা হাতীৰ জাকৰ আতংকত ওৰেটো নিশা উজাগৰে পাৰ কৰে ডবকা আৰু নীলবাগানৰ ৰাইজে৷ হাতীৰ উপদ্ৰৱত আতংকিত হৈ পৰে স্থানীয় ৰাইজ৷
উল্লেখ্য যে লামডিং বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চললৈ নামি আহিছিল এই বৃহৎ জাকটো৷
বন বিভাগৰ লোকেও হাতীকেইটা খেদি পঠিয়াবলৈ ব্যৰ্থ হোৱাত গঞা ৰাইজ আতংকিত হৈ পৰে৷
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে হোজাইৰ বিভিন্ন অঞ্চলত এইদৰেই অব্যাহত আছে বনৰীয়া হাতীৰ সন্ত্ৰাস৷












