![]()
মনোৰঞ্জনঃ
গুগলে শেহতীয়াকৈ চলিত বৰ্ষত অৰ্থাৎ ২০২১ চনত ভাৰতত শীৰ্ষ অনুসন্ধান কৰা প্ৰৱণতাৰ এখন তালিকা প্ৰকাশ কৰিছে। এই তালিকাৰ ভিতৰত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ন খান আৰু শিল্পা চেট্টীৰ স্বামী ৰাজ কুন্দ্ৰা আটাইতকৈ বেছি সন্ধান কৰা চিলেব্ৰেটী সকলৰ ভিতৰত অন্যতম। চলিত বৰ্ষত চনত আৰিয়ন আৰু ৰাজ দুয়োগৰাকীয়ে তেওঁলোকৰ আইনৰ হাতত ধৰাশায়ী হোৱাৰ বাবে শিৰোনাম দখল কৰিছে
এই তালিকাত আৰিয়ান খান দ্বিতীয়, শ্বাহনাজ গিল তৃতীয় আৰু ৰাজ কুন্দ্ৰা তালিকাৰ চতুৰ্থ স্থানত আছে। বিকি কৌশল ষষ্ঠ, নাতাশা দালাল তালিকাৰ দশম স্থানত আছে। নীৰজ চোপ্ৰাই গুগলৰ আটাইতকৈ বেছি সন্ধান কৰা ব্যক্তিত্বৰ শীৰ্ষত স্থান লাভ কৰিছে। আৰিয়ন খান আৰু ৰাজ কুন্দ্ৰাৰ বাবে এই বছৰটো এক ভয়াৱহ সপোনতকৈ কম নহয়। মুম্বাই ক্ৰুজ জাহাজ ড্ৰাগছ গোচৰত আৰিয়ান খানক কাৰাগাৰলৈ লৈ যোৱা হৈছিল। তেওঁ কেইবাটাও নিশা কাৰাবন্দী হৈ থাকিব হৈছিল। লগতে, ৰাজ কুন্দ্ৰাকো অশ্লীল ছবি নিৰ্মাণৰ বাবে আৰক্ষীয়ে আটক কৰিছিল। তাৰ পিছতেই, চচিয়েল মিডিয়া তথা সংবাদ মাধ্যমত দুয়োগৰাকীক বহুল হাৰত ট্ৰোল কৰা দেখিবলৈ পোৱা গৈছিল।













