![]()
নিউজ ডেস্কঃ
আসন্ন শীতকালীন বেইজিং অলিম্পিক কূটনৈতিকভাবে বয়কট কৰাৰ সিদ্ধান্ত লৈছিল আমেৰিকাই। আমেৰিকান কোনো প্রশাসনিক বিষয়াই উক্ত প্রতিযোগিতাত যোগ নিদিয়ে বুলি যোৱা মাহতেই জনাইছিল বাইডেনে। কাৰণ হিচাবে চীনত সংখ্যালঘু মুছলিমসকলক হত্যা আৰু অন্যান্য মানৱ অধিকাৰ উলঙ্ঘনৰ কথা জনোৱা হৈছিল। ইয়াৰ পিছতে চীনৰ সতর্কবাণী, অলিম্পিক বয়কট কৰাৰ সিদ্ধান্ত ল’লে প্রয়োজনীয় ব্যৱস্থা ল’ব চীনেও। অৱশ্যে সেই ব্যৱস্থা কি সেয়া স্পষ্ট কৰা নাই বেইজিঙে।
আমেৰিকাৰ চূড়ান্ত সিদ্ধান্ত জনাৰ পিছতেই চীনৰ বিদেশ মন্ত্ৰালয়ৰ মুখপাত্র ঝাও লিজানে কয়, ‘মিছা আৰু গুজবৰ ওপৰত ভিত্তি কৰি বেইজিঙত অনুষ্ঠিতব্য শীতকালীন অলিম্পিক বয়কট কৰিছে আমেৰিকাই। এয়া অন্যায় প্রশাসনিক হস্তক্ষেপ, ইয়াত তেওঁলোকৰ অশুভ উদ্দেশ্য স্পষ্ট হৈ উঠিছে। শীতকালীন অলিম্পিক আচলতে ৰাজনৈতিক ক্ষমতা প্রদর্শনৰ স্থান নহয়।’
অৱশ্যে আমেৰিকাৰ এই কূটনৈতিক বয়কট মানে এইটো নহয় যে দেশখনৰ আথলিটসকল তালৈ নাযাব। তেওঁলোকে অলিম্পিকত প্রতিদ্বন্দ্বিতা কৰিব। আগন্তুক ২০২৮ চনৰ অলিম্পিক আয়োজিত হ’ব আমেৰিকাৰ লছ এঞ্জেলছত। প্রশ্ন উঠিছে, ইয়াৰ মধ্যৱর্তী সময়ত চীনে কি পদক্ষেপ গ্ৰহণ কৰে। চীনে জনাইছে যে ক্রীড়াৰ মাজত তেওঁলোকে ৰাজনীতি মিহলোৱা নাই। কিন্তু পূৰ্বতে ৰাজনৈতিক কাৰণৰ বাবেই আমেৰিকাই একাধিক প্ৰতিয়োগিতাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল। এইবাৰ ‘মূল্য পৰিশোধ কৰিব লাগিব’ বুলি দিয়া বার্তাৰ কার্যক্ষেত্রত কি প্রয়োগ হয় সেয়া লক্ষণীয় হ’ব।













