![]()
ডিফু:
কাৰবি আংলং জিলাৰ লাহৰিজানত পুণৰ উদ্ধাৰ হ’ল প্ৰায় চাৰি লক্ষ্যাধিক টকা মূল্যৰ নিষিদ্ধ হেৰইন ৷ শুকুৰবাৰে পুৱাৰ ভাগত এক নিৰ্দিষ্ট খবৰৰ ভিত্তিত বোকাজান মহকুমাৰ আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত আৰু বোকান থানা অ’চি মৌবলিক ব্ৰক্ষ্ম, উপপৰিদৰ্শক মৃদুল ৰুদ্ৰ পাল, নিতুল শইকীয়াই, বোকাজান চিআৰপিএফ কেম্প লগতে বোকাজান এপিআৰজি কেম্পৰ সহযোগত খটখটী থানাৰ অন্তৰ্গত লাহৰিজানত এক অভিযান চলাই ১৩ চাবোনৰ বাকচত ১৬৪ গ্ৰাম ওজনৰ প্ৰায় চাৰি লক্ষ্যাধিক টকাৰ নিষিদ্ধ হেৰইন জব্দ কৰিবলৈ সক্ষম হৈছে ৷
নিষিদ্ধ হেৰইন খিনিৰ সৈতে লাহৰিজান নিৱাসী মৃত সত্তৰ ওঝাৰ পুত্ৰ সাধু ওঝা (৪৫) নামৰ লোক জনক আটক কৰিবলৈ সক্ষম হৈছে ৷ অধিক তথ্যৰ বাবে আৰক্ষীয়ে আটকাধীন লোকজনক জেৰা ইব্যাহত ৰাখিছে ৷













