![]()
নিউজ ডেস্কঃ
বাছৰ ষ্টিয়াৰিং ধৰোতেই বুজিব পাৰিছিল তেওঁৰ শৰীৰত কিবা এটা গণ্ডগোল হৈছে। কিন্তু সময় মতে যে যাত্রীসকলক গন্তব্য স্থানত উপনীত কৰাব লাগিব। তামিলনাডু চৰকাৰী পৰিবহণ সংস্থাৰ বাছচালক ৪৪ বছৰীয়া এম আৰুমুগমে প্ৰাণ দি হ’লেও বচালে ৩০ যাত্রীৰ প্রাণ।
অন্যান্য দিনৰ দৰেই বৃহস্পতিবাৰে পুৱাই চৰকাৰী বা চালক আৰুমুগম উপস্থিত হৈছিল আৰাপ্পালায়ম বাছ আস্থানত। পুৱা ৬.২০ বজাত যাত্রী উঠাই বাছ লৈ তেওঁ যাত্রা আৰম্ভ কৰিছিল কোদাইকানালৰ দিশে। বাছত আছিল ৩০ জন যাত্রী।
৬.২৫ বজাত হঠাৎ বুকুত বিষ অনুভৱ কৰে আৰুমুগমে। ইফালে বাছ চলিছে ধুমুহাৰ গতিত। বিপদ বুজি গুৰু থিয়েটাৰ এলেকাত ৰাস্তাৰ কাষত বাছখন কিবাকৈ ৰখাই দিয়ে আৰুমুগমে। তাৰ পিছতেই ষ্টিয়াৰিঙৰ ওপৰত লুটি খাই পৰে তেওঁ। কন্ডাক্টৰ দৌৰি বুজি পায় যে হৃদ্ৰোগত আক্রান্ত হৈছে আৰুমুগম। এম্বুলেন্স মাতে যদিও তেতিয়ালৈকে পলম হৈ গৈছে। ষ্টিয়াৰিঙৰ ওপৰতেই শেষ নিশ্বাস ত্যাগ কৰে আৰুমুগমে। কিন্তু মৃত্যুৰ পূৰ্বে বচাই যায় ৩০ যাত্রীৰ প্রাণ।












