![]()
নিউজ ডেস্কঃ
তামিলনাডুৰ পাহাৰীয়া এলেকাত বিপিন ৰাৱাটৰ হেলিকপ্টাৰৰ উচ্চতা কিমান আছিল? সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।
চুলুৰৰ পৰা উৰা মৰাৰ পিছত বায়ুসেনাৰ হেলিকপ্টাৰখন প্রথমে তিন হাজাৰ ফুট ওপৰলৈ উঠি যায়। চুলুৰ, কুন্নুৰ আৰু তাৰ পিছত ওচৰ-পাজৰৰ এলেকাজুৰি নীলগিৰি পর্বতমালা। হেলিকপ্টাৰখনক সেয়ে আৰু কিছু ওপৰেৰে যাবলৈ কোৱা হয়।
উক্ত এলেকাটো কয়ম্বত্তূৰ বিমানবন্দৰৰ এয়াৰ ট্ৰেফিক কন্ট্রোল (এটিচি)ৰ অধীনত। বিমানবন্দৰটোৰ এটি সূত্রই জনোৱা মতে, বুধবাৰে বিপিন ৰাৱাটৰ হেলিকপ্টাৰখনক চাৰে ছয় হাজাৰ ফুট ওপৰলৈ উঠিবলৈ কোৱা হৈছিল। কিন্তু চুলুৰ এয়াৰবেছৰ ৰেডাৰৰ ছবিত যেতিয়া শেষ দেখা গৈছিল এমআইক, তেতিয়াও তাৰ উচ্চতা আছিল চাৰি হাজাৰ ফুট। বিশেষজ্ঞসকলৰ মতে, হয়তো এটিচিৰ পৰামর্শ মতে নির্দিষ্ট উচ্চতালৈ উঠিব বিচৰা নাছিল পাইলট, নহয়তো উঠাৰ আগতেই দুর্ঘটনাটো ঘটিছে। হ’ব পাৰে, সেইখনৰ ওপৰলৈ উঠাৰ গতিও আছিল তুলনামূলকভাৱে ধীৰ। এই সকলোবোৰেই এতিয়া তদন্তৰ বিষয়।












