![]()
নিউজ ডেস্কঃ
অমৃতলোকৰ পথত যাত্রা কৰিলে ভাৰতৰ ‘চিফ অব ডিফেন্স ষ্টাফ’ জেনেৰেল বিপিন ৰাৱাটে। অকলে নহয়, সঙ্গী হ’ল তেওঁৰ পত্নী আৰু ১১ জন সেনা জোৱান। আজি ৰাজধানীৰ ব্রাৰ স্কোৱেৰত বিয়লি ৪ বজাত শেষকৃত্য সম্পন্ন হয় তেওঁলোকৰ। চকুৰ পানীৰে তেওঁলোকক বিদায় জনালে কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে ভাৰতবাসীয়ে। জেনেৰেল ৰাৱাটৰ সৈতে একেখন চিতায় শুলে পত্নী মধুলিকাও। দুয়ো একেলগেই যাত্ৰা কৰিলে অনন্তধামলৈ।

বৃহস্পতিবাৰে পালাম বিমানবন্দৰত শেষ শ্রদ্ধা জনাবলৈ উপস্থিত হৈছিল ৰাষ্ট্রপতি ৰামনাথ কোবিন্দ আৰু প্রধানমন্ত্রী নৰেন্দ্র মোদী। লগতে আছিল প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিং আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল। আজি পুৱা ১১টাৰ পৰা কামৰাজ মার্গৰ বাসভৱনত আছিল চিডিএছ ৰাৱাট আৰু পত্নীৰ মৃতদেহ।
https://www.facebook.com/AnandabazarSocial/videos/664326014924125
শেষ শ্রদ্ধা জনাবলৈ আহে গৃহমন্ত্রী অমিত শ্বাহ। তাৰ পিছত দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱাল, কংগ্রেছ নেতা ৰাহুল গান্ধী, উত্তৰাখণ্ডৰ মুখ্যমন্ত্রী পুষ্কৰ সিং ধামিৰা আদিয়ে শ্ৰদ্ধা জনায়। ২ বজাত সমদল কৰি বিপিন ৰাৱাট আৰু পত্নীৰ মৃতদেহ লৈ যোৱা হয় ব্রাৰ স্কোৱাৰলৈ। বিয়লি ৪ বজাত ১৭টা টোপধ্বনিৰে সম্পূর্ণ ৰাষ্ট্রীয় মর্যাদাৰে তেওঁৰ অন্তেষ্ট্যিক্ৰিয়া সম্পন্ন হয়।












