![]()
নিউজ ডেস্কঃ
এক অনন্য দৃষ্টান্তৰ সাক্ষী হৈ ৰ’ল পশ্চিমবংগ থাকল গোটা বাংলা। যমজ সন্তানক পৃথিৱীৰ পোহৰ দেখুৱায়েই মৃত্যুৰ কোলাত শুই পৰে মাতৃ। এনে কঠিন সময়ত দিশহাৰা হৈ পৰে সন্তানৰ পিতৃ তথা আত্মীয়। ছচিয়েল মিডিয়াত যমজ সন্তানৰ প্রাণ ৰক্ষার্থে আবেদন জনোৱাৰ পিছতেই মূহূর্তৰ ভিতৰত মাতৃদুগ্ধৰ অভাৱ পূৰণ কৰিবলৈ আগবাঢ়ি আহে ৫০ গৰাকী মহিলা।
দেওবাৰে বংগৰ এছএছকেএম হস্পিটেলত দুই পুত্র সন্তানৰ জন্ম দিয়ে অঙ্কিতা মিশ্র নামৰ মহিলাগৰাকীয়ে। দুয়োটা শিশুৱেই অপৈণত। তেওঁলোকৰ শাৰীৰিক কোনো সমস্যা হোৱা নাই জন্মৰ পিছত। কিন্তু সুস্থ, স্বাভাৱিক শিশুৰ জন্ম দিয়েই হৃদৰোগত আক্রান্ত হৈ মৃত্যু হয় অঙ্কিতাৰ। হস্পিটেল কর্তৃপক্ষই অঙ্কিতাৰ স্বামী অমর্ত্য সিনহাক জনায় যে সন্তানৰ স্বাস্থ্যৰ বাবে মাতৃদুগ্ধৰ প্রয়োজন। সদ্য পত্নীক হেৰুৱাই শোকাহত স্বামী দিশহাৰা হৈ পৰে। তেনে মুহূর্তত তেওঁৰ অৱস্থা জানিব পাৰি সাহায্যৰ কথা ছচিয়েল মিডিয়াত লিখে এগৰাকী বান্ধৱীয়ে।
সৰিতা আহমেদ নামৰ মহিলাগৰাকীৰ উক্ত আবেদনত ঘণ্টাৰ ভিতৰতেই আগবাঢ়ি আহে ৫০ গৰাকী মহিলা। সকলোৱেই কলকাতা চহৰত উক্ত যমজ সন্তানৰ ঘৰৰ ওচৰতে থাকে। তেওঁলোকৰ এই কাৰ্যক এতিয়া সকলোৱে চেলুট জনাইছে৷












