![]()
নিউজ ডেস্কঃ
নাৰীকল্যাণ বিষয়ক সংসদীয় কমিটিৰ সাম্প্রতিক এক ৰিপোর্টত জনোৱা হৈছে যে ‘বেটি বচাও বেটি পঢ়াও’ প্রকল্প আৰম্ভণিৰ পৰৱর্তী তিনি বছৰত কেৱল বিজ্ঞাপনৰ বাবদ খৰচ হৈছে আবণ্টিত পুঁজিৰ প্রায় ৮০ শতাংশ!
বিজেপি সাংসদ হিনা গাভিটেৰ নেতৃত্বাধীন সংসদীয় কমিটিৰ ৰিপোৰ্টাৱে জনাইছে যে ২০১৬-২০১৯ চনৰ ভিতৰত ‘বেটি বচাও বেটি পঢ়াও’ প্রকল্পত মুঠ ৪৪৬ কোটি ৭২ লক্ষ টকা পুঁজি আবণ্টন দিছে কেন্দ্ৰই। তাৰে ৭৮.৯১ শতাংশই ব্যয় হৈছে সংবাদ মাধ্যমত বিজ্ঞাপন খণ্ডত।













