![]()
নিউজ ডেস্কঃ
৯ ডিচেম্বৰৰ নিশা ৰাজস্থানৰ ছৱাই মাধোপুৰৰ ফোর্ট-বাৰৱাতত একেবাৰে পৰিয়ালৰ সদস্য আৰু ঘনিষ্ঠ কেইজনমান বন্ধুৰ উপস্থিতিত সাতপাক ঘূৰি দাম্পত্য বান্ধোনত সোমায় বলিউডৰ অভিনেত্রী কেটৰিনা কাঈফ আৰু অভিনেতা বিকি কৌশল। বলিউডৰ এই বহু চর্চিত আৰু প্রতীক্ষিত বিয়াখন নিশ্ছিদ্র নিৰাপত্তা বেষ্টনীৰ মাজত হৈছিল।

বলিউডৰ অন্যান্য দম্পতিসকলৰ দৰে বিকি আৰু কেটৰিনাৰ বিয়াৰ পোছাকৰো পৰিকল্পনা সব্যসাচী মুখাৰ্জীৰ। বিয়াৰ দিনা নিশা কেটৰিনাই পিন্ধিছিল ছিল্কৰ ৰঙা লেহেংগা। চুৰ্নীখনত আছিল সোণৰ জৰীৰ কাম। লগতে পিন্ধিছিল ২২ কেৰেটৰ হীৰাৰ গহনা।
কিন্তু কেটৰিনা কাঈফে পৰিধান কৰা লেহঙ্গাটোৰ মূল্য কিমান জানেনে? সূত্রৰ খবৰ মতে, এই ৰঙা লেহেঙ্গাটোৰ মূল্য ১৭ লাখ টকা।













