![]()
নিউজ ডেস্কঃ
কামৰূপ জিলাৰ বকোৰ ৰাজাপাৰা দক্ষিণ শেখাদাৰীত আজি সংঘটিত এক শোকাৱহ দুৰ্ঘটনাত কৰুণ মৃত্যুক সাৱটি লয় এটি দুবছৰীয়া কন্যা শিশু আৰবি দৈমাৰীয়ে। গুৰুত্বৰভাৱে আহত শিশুটিৰ মাতৃ গৰাকীক জি এম চি এইছলৈ প্ৰেৰণ কৰা হয়। বনৰীয়া হাতী খেদিবলৈ শূণ্যলৈ গুলীচালনা কৰোতেই সংঘটিত এই অঘটন।

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি বকোৰ শাখাতি, বন্দাপাৰা ৰাজাপাৰা, শেখাদাৰী আদি বিভিন্ন অঞ্চলত বন্যহস্তীৰ এটা জাকে উপদ্ৰৱ চলাই আহিছে। বন বিভাগ আৰু স্থানীয় ৰাইজে খেদি আঁতৰাই পঠিয়াই যদিও নিশা হলেই পুনৰ জনাঞ্চললৈ নামি আহে বন্যহস্তীৰ জাকটো ৷ আজিও পুৱাৰ ভাগতে হাতীৰ আক্ৰমণত আহত হৈছিল সঞ্জয় দাস নামৰ এজন লোক। ইয়াৰ পিছতে খাদ্যৰ সন্ধানত জনাঞ্চললৈ নামি অহা বন্যহস্তীৰ জাকটো খেদিবলৈ বন বিভাগৰ লগতে স্থানীয় ৰাইজ একত্ৰিত হোৱাত বন বিভাগে শূণ্যলৈ গুলীচালনা কৰাৰ সময়তে সংঘটিত হয় এই অঘটন ।
বন বিভাগৰ এনে কাণ্ডত উত্তেজিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ। ইফালে গুলিটো বন বিভাগৰ নহয় বুলি উল্লেখ কৰে ৷













