![]()
মনোৰঞ্জনঃ
অভিনেত্ৰী ৰাখী সাৱন্তক এইবাৰ তেওঁৰ স্বামী ৰীতেশৰ সৈতে বিগ বছ ১৫ ত দেখা গৈছে। ৰাখীয়ে বিগত ২০১৮ চনত ৰীতেশৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল যদিও এই তিনি বছৰ ধৰি কোনেও তেওঁৰ স্বামীক দেখা নাছিল। কোনো অনুষ্ঠান অথবা সামাজিক মাধ্যমতেই নহয়,, ৰাখীৰ স্বামী আজি পৰ্যন্ত কোনো লোকৰ আগত কেতিয়াও অহা নাছিল। মানুহে সন্দেহ কৰিবলৈ আৰম্ভ কৰিছিল যে ৰাখী সঁচাকৈয়ে বিবাহিত নে তাই মিছা কৈছিল। কিন্তু এইবাৰ ৰাখী আৰু ৰীতেশে মানুহৰ সন্দেহ মিছা বুলি প্ৰমাণ কৰিলে আৰু একেলগে বিগ বছৰ নতুন সংস্কৰটিত প্ৰৱেশ কৰিলে। অৱশ্যে, অনুষ্ঠানটো উপভোগ কৰাৰ পিছতো বহু লোক বিশ্বাস কৰিবলৈ সাজু নহয় যে ৰীতেশেই ৰাখীৰ প্ৰকৃত স্বামী অথবা দুয়োজনৰ বিবাহ বাস্তৱিক।
কিন্তু শেহতীয়াকৈ ৰাখীৰ স্বামীৰ এখন ফটো ভাইৰেল হৈছে, যিখনে নিশ্চিতভাৱে আপোনাক হতবাক কৰিব কিয়নো ফটোখন ৰাখী আৰু ৰীতেশৰ নহয়। ৰীতেশৰ প্ৰকৃত পত্নীৰ। হয়, ৰাখী আৰু ৰীতেশৰ সম্পৰ্ক এতিয়া গভীৰ প্ৰশ্নৰ আৱৰ্তত। এগৰাকী মহিলা আৰু শিশুৰ সৈতে পথাৰত বহি থকা ৰীতেশৰ এখন ফটো পোহৰলৈ আহিছে। ফটোখনত দেখা মহিলাগৰাকী ৰীতেশৰ প্ৰকৃত পত্নী বুলি দাবী কৰিছে একাংশই। মানুহে এই ফটোখনত মন্তব্য কৰি ৰাখী আৰু ৰীতেশকো ট্ৰোল কৰা আৰম্ভ কৰিছে। চাওক এই ফটোঃ














