![]()
নিউজ ডেস্কঃ
ৰাজকীয় আয়োজন। উপস্থিত দেশ-বিদেশৰ বহু প্রতিযোগী। অৱশ্যে অংশগ্রহণকাৰী মানুহ নহয়, উট! উটৰ সৌন্দৰ্য প্ৰতিযোগিতাৰ আয়োজন হৈছে চৌডি আৰবৰ ৰাজধানী ৰিয়াধৰ ওচৰত। পুৰস্কাৰ হিচাবে আছে নগদ ৬.৬ কোটি ডলাৰ। উক্ত উটৰ সৌন্দৰ্য প্রতিযোগিতাত জয়ী হ’বলৈ কোনোৱে একোতে বাদ দিয়া নাই। বৰং জয়ৰ বাবে ব্যাকুল হৈ বোটক্স ইঞ্জেকচন আৰু অন্যান্য কৃত্রিম পদ্ধতিৰ আশ্রয় লৈছিল ৪৩টা উটৰ মালিকে। কিন্তু শেষ ৰক্ষা নহ’ল৷ কৃত্রিম কৌশল অৱলম্বন কৰাত প্রতিযোগিতাৰ পৰা বাতিল কৰা হ’ল উক্ত ৪৩টা উটক। বিচাৰকৰ ৰায়, এনে ধৰণৰ দুৰ্নীতি ধৰিবলৈ এই বছৰ অত্যাধুনিক প্রযুক্তিৰ আশ্রয় লোৱা হৈছিল। তাতেই ধৰা পৰে উটৰ মালিকসকলৰ কৌশল।
ডিচেম্বৰৰ পৰা আৰম্ভ হৈছে এই প্রতিযোগিতা। চলিব ৪০ দিন ধৰি। ষষ্ঠ বছৰৰ বাবে আয়োজন কৰা হৈছে উক্ত প্ৰতিযোগিতা। আছে ১৯টা বিভাগ। আৰব দেশবোৰৰ লগতে আমেৰিকা, ৰাছিয়া, ফ্রান্সৰ পৰাও প্রতিযোগিতাত অংশগ্ৰহণ কৰিছে।
মূলত উটৰ মূৰ, ডিঙি, কুঁজ, পোছাক, খোজকঢ়াৰ ভংগীৰ ওপৰত ভিত্তি কৰি বিজয়ী নির্ধাৰণ কৰে বিচাৰকসকলে।













