![]()
নিউজ ডেস্কঃ
দেশত এই পর্যন্ত ওমিক্রনত আক্রান্তৰ সংখ্যা ৩২। ইয়াৰ ভিতৰত ১৭জনেই মহাৰাষ্ট্রৰ। পৰিস্থিতি বিষম দেখি মুম্বাইত ৪৮ ঘণ্টাৰ বাবে ১৪৪ ধাৰা জাৰি কৰিলে প্রশাসনে। শনিবাৰ আৰু দেওবাৰে মুম্বাই কমিছনাৰেট অঞ্চলৰ ভিতৰত কোনো সমাবেশ কৰিব নোৱাৰিব। কোনো পদযাত্রা বা প্রতিবাদ সভাও কৰিব নোৱাৰিব।
নির্দেশনামাত কোৱা হৈছে, ‘ওমিক্রনৰ পৰা মানৱ জীৱন বচাবলৈ আৰু তাৰ লগতে অমৰাৱতী, মালেগাঁও আৰু নান্দেদত হিংসাৰ পৰৱর্তীকালত আইন-শৃঙ্খলা সুস্থিৰ ৰাখিবলৈ ১৪৪ ধাৰা জাৰি কৰা হ’ল।’ আইন ভংগকাৰীক ভাৰতীয় দণ্ডবিধিৰ ১৮৮ ধাৰা আৰু অন্যান্য আইনত ব্যৱস্থা লোৱা হ’ব।
মহাৰাষ্ট্রত নতুনকৈ ৭ জনৰ শৰীৰত ওমিক্রন পোৱা গৈছে। তেওঁলোকৰ ভিতৰত তিনিজন মুম্বাই আৰু চাৰিজন পিম্পৰি পৌৰসভা এলেকাৰ। আক্রান্তসকলৰ ভিতৰত আছে এটি ডেৰ বছৰীয়া শিশুও। জানিব পৰা মতে মুম্বাইৰ আক্ৰান্ত তিনিজন যথাক্রমে তাঞ্জানিয়া, ব্রিটেইন আৰু দক্ষিণ আফ্রিকাৰ পৰা আহিছিল।
পিম্পৰিৰ চাৰিজনৰ এজন নাইজেৰিয়ান মহিলাৰ সংস্পর্শলৈ আহিছিল। মহিলাগৰাকী ওমিক্রনত আক্রান্ত ধৰা পৰিছিল ৬ ডিচেম্বৰত। সাতজনৰ ভিতৰত চাৰিজনৰ কোনো উপসর্গ নাই, তিনিজনৰ মৃদু উপসর্গ দেখা গৈছে। জানিব পৰা মতে, চাৰিজনে দুটা পালি টীকা লোৱা, এজনৰ এটা পালি আৰু এজনে কোনো পালি লোৱা নাই। আনহাতে, দিল্লীত আৰু এজনৰ শৰীৰত ওমিক্রন ধৰা পৰাত সকলো মিলাই দেশৰ ওমিক্রন আক্ৰান্ত হৈছে ৩৩, দিল্লীত ২৷













