![]()
নিউজ ডেস্কঃ
ডুবাইৰ পৰা চুৰি হৈছিল মাৰাডোনাৰ এটি দুষ্প্রাপ্য ঘড়ী৷ উক্ত চুৰি হোৱা ঘড়ীটো উদ্ধাৰ হ’ল অসমত। ডুবাই আৰক্ষীৰ খবৰৰ সূত্ৰত অসম আৰক্ষীয়ে শিৱসাগৰত অভিযুক্তক গ্রেপ্তাৰ কৰাৰ লগতে উদ্ধাৰ কৰিছে ঘড়ীটোও।
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই টুইটযোগে এই কথা জনাইছে। মুখ্যমন্ত্ৰীয়ে লিখিছে, ‘আন্তর্জাতিক সহযোগিতাত অসম আৰক্ষীয়ে অভিযান চলাই কিংবদন্তি ফুটবলাৰ ডিয়েগো মাৰাডোনাৰ চুৰি হোৱা ঘড়ী উদ্ধাৰ কৰিছে। ৱাজিদ হুছেইন নামৰ এজন ব্যক্তিক এই সন্দৰ্ভত গ্রেপ্তাৰ কৰা হৈছে। আইন অনুযায়ী অভিযুক্তৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰা হ’ব।’
অসম আৰক্ষীৰ সূত্ৰ মতে, মাৰাডোনাৰ ঘড়ী চুৰি কৰা লোকজন অসমত লুকাই থকা বুলি ডুবাই আৰক্ষীৰ পৰা খবৰ লাভ কৰে। উক্ত খবৰৰ ভিত্তিতে অসম আৰক্ষীয়ে অভিযান চলাই শনিবাৰে পুৱা ৪ বজাত শিৱসাগৰৰ ঘৰৰ পৰা ৱাজিদক গ্রেপ্তাৰ কৰা হয়। লগতে উদ্ধাৰ কৰে দুষ্প্রাপ্য আৰু বহুমূলীয়া ঘড়ীটোও।
জানিব পৰা মতে, মাৰাডোনাৰ ব্যক্তিগত বহু সামগ্রী সংৰক্ষিত হৈ থকা ডুবাইৰ এটি সংগ্রহালয়ত নিৰাপত্তাৰক্ষীৰ কাম কৰিছিল ৱাজিদে। যোৱা আগষ্ট মাহত তেওঁ ঘড়ীটো চুৰি কৰি অসমলৈ পলাই আহিছিল।












