![]()
নিউজ ডেস্কঃ
২০১৯ চনৰ ১১ ডিচেম্বৰত সংসদত গৃহীত হোৱা বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইনৰ আজি দ্বিতীয় বৰ্ষপূৰ্তি। ক’লা আইনৰূপে অভিহিত নাগৰিকত্ব সংশোধনী আইন, ২০১৯ৰ এই বৰ্ষপূৰ্তিৰ দিনটোৰ পৰাই পুনৰ আৰম্ভ হৈছে ‘কা’ বিৰোধী প্ৰতিবাদ।
উল্লেখ্য, বিতৰ্কিত ‘কা’ দেশবাসীৰ ওপৰত জাপি দিয়া দিনটোক ‘ক’লা দিৱস’ হিচাবে উদযাপন কৰে আছুসহ উত্তৰ-পূৰ্বাঞ্চল ছাত্ৰ সন্থা চমুকৈ ‘নেছ’’ই। এই উপলক্ষে আজি নেছ’ৰ উদ্যোগত উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যতে ক’লা পতাকা উত্তোলন কৰা হয়। অসমতো নেছ’ৰ আহ্বানত আছুই প্ৰতিখন জিলাতে ‘কা’ বাতিলৰ দাবীত ক’লা পতাকা উৰুৱাই প্ৰতিবাদ সাব্যস্ত কৰে।













