![]()
মনোৰঞ্জনঃ
বলীউডৰ জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৱে সমগ্ৰ দেশক জোকাৰি গৈছিল। শেহতীয়াকৈ ‘কাই পো চে’ ছবিখন পৰিচালনা কৰা পৰিচালক অভিষেক কাপুৰে অভিনেতাজনৰ সৈতে থকা তেওঁৰ সম্পৰ্কৰ বিষয়ে খুলি কোৱাৰ লগতে সুশান্তৰ মৃত্যুক অত্যন্ত বেদনাদায়ক বুলি বৰ্ণনা কৰে।
ইণ্ডিয়া টুডেৰ সৈতে হোৱা এক বাৰ্তালাপত পৰিচালক অভিষেক কাপুৰে কয় যে, “সুশান্ত সিং ৰাজপুতৰ মৃত্যু মোৰ বাবে অতি বেদনাদায়ক আছিল। মই তেওঁৰ প্ৰথম খন ছবি পৰিচালনা কৰিছিলোঁ আৰু তাৰ পিছত মই “কেদাৰনাথ” নিৰ্মাণ কৰিছিলোঁ। মোৰ মনত আছে কেনেকৈ প্ৰণালীটোৱে সুশান্তক বিশ্বাস কৰিবলৈ নিদিলে যে মানুহে তেওঁক ইমান ভাল পায়’। আগলৈ তেওঁ কয় যে, “মানুহে কেদাৰনাথ চাবলৈ এৰি কৈছিল যে, সুশান্ত এজন তাৰকা নহয়। এইটো বৰ আচৰিত আছিল আৰু মই এই ছবিখনৰ বাবে অপেক্ষাৰত আছিলোঁ। মই এই ছবিখন শেষ কৰিবলৈ নিজৰ পৰা খৰচ বহন কৰিছিলোঁ, সেই সময়ত মই যথেষ্ট চাপত আছিলোঁ। সেইকাৰণে মই কেদাৰনাথ সুচাৰুৰূপে বনাবলৈ চেষ্টা কৰিছিলোঁ। কিন্তু মোৰ বিশ্বাস আছিল যে ছবিখন মানুহে ভাল পাব।”
সুশান্তৰ মৃত্যুৰ পিছত হোৱা হুলস্থূলৰ বিষয়ে তেওঁ কয় যে, ‘মই জানো কেদাৰনাথ বনোৱাৰ সময়ত সুশান্তৰ বেদনা হৈছিল। আমাৰ চাৰিওফালে এটা ব্যৱস্থা আছে যিয়ে আমাক কেতিয়াও বিশ্বাস কৰিবলৈ নিদিয়ে যে মানুহে তেওঁক কিমান ভাল পাইছিল। কিন্তু তেওঁৰ মৃত্যুৰ পিছত গোটেই পৃথিৱী সুশান্তৰ প্ৰতি আসক্ত হৈ পৰিছিল। এনে লাগিছিল যেন এটা বিস্ফোৰণ হৈছে। সেয়া আমাৰ বাবে সঁচাকৈ ট্ৰেজেডী।”













