![]()
নিউজ ডেস্কঃ
আমেৰিকাৰ দক্ষিণ–পূব কেনটুকি প্রদেশত প্ৰায় চাৰিটাকৈ বিধ্বংসী টর্নেডো ধুমুহাই ধ্বংসলীলাৰ সৃষ্টি কৰে শুক্রবাৰে নিশা। প্রদেশখনৰ একাধিক এলেকা টর্নেডোৰ প্ৰভাৱত ব্যাপকভাবে ক্ষতিগ্রস্ত হয়। প্ৰদেশখনৰ গৱর্নৰ এন্ডি বেছিয়াৰে জনোৱা মতে, শুক্রবাৰে ২০০ মাইলজুৰি বয় শক্তিশালী ঘূৰ্ণীবতাহ। ফলত ভাঙি পৰে মেফিল্ডৰ এটি মম কাৰখানাৰ ছাদ। তাতেই সকলোতকৈ বেছি মানুহৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। চৰকাৰীভাবে নিহত ৫০ বুলি কোৱা হ’লেও গৱর্নৰৰ আশঙ্কা সংখ্যাটো ৭০-১০০ হ’ব পাৰে। গৃহহীন হৈছে আৰু বহু লোক। তেওঁৰ দাবী, কেনটুকিৰ ইতিহাসত ইমান ডাঙৰ টর্নেডো আগতে দেখা নাই। ডাঙৰ বিপদৰ পৰা হাত সাৰিবলৈ মাজনিশাই জৰুৰী অৱস্থা জাৰি কৰে গৱর্নৰে।












