![]()
নিউজ ডেস্কঃ
লক্ষ্য গোৱা বিধানসভা নির্বাচন। কঁকালত টঙালি বান্ধিছে কংগ্রেছ, তৃণমূল, বিজেপিয়ে। অহা বছৰৰ নির্বাচনক কেন্দ্ৰ কৰি আৰম্ভ হৈ গৈছে প্রচাৰো। ইয়াৰ মাজতে প্রিয়ঙ্কা গান্ধীক দেখা গ’ল ৰাজ্যখনৰ মৰপিৰলা গাঁৱৰ আদিবাসী ৰমণীসকলৰ সৈতে লোকনৃত্যত অংশ লোৱা। যিটো দেখি বিজেপিৰ কটাক্ষ, সেনা সর্বাধিনায়কৰ মৃত্যুত যিটো সময়ত দেশজুৰি শোকৰ ছাঁ পৰিছে তেনে সময়ত কংগ্রেছ নেত্রীগৰাকীৰ এই নৃত্য গৰিহণাযোগ্য।
শুক্রবাৰে কংগ্রেছৰ টুইটাৰত পোষ্ট কৰা হৈছে প্রিয়ঙ্কাৰ নৃত্যৰ ভিডিওটো। পোষ্ট কৰাৰ পিছতেই ভাইৰেল হৈ যায় ৪৫ ছেকেণ্ডৰ ভিডিওটো। এই পোষ্টৰ পিছতেই প্ৰিয়ংকাক আক্রমণৰ লক্ষ্য কৰি লয় বিজেপিয়ে।












