![]()
ডিফুঃ
আজি বোকাজানত যোৰহাট লায়ন্স চকু চিকিৎসালয় আৰু ২৪ নং দেওপানী পৰিষদীয় সমষ্টিৰ সদস্য মুকুট মহন্তৰ উদ্যোগত বিনামূলীয়া এক চকু চিকিৎসা শিবিৰ অনুষ্ঠিত হৈ যায়।
বোকাজান মহকুমাৰ অন্তৰ্গত শান্তিপুৰস্থিত অডিটৰিয়ামত অনুষ্ঠিত এই চকু চিকিৎসা শিবিৰটো উদ্ধোধন কৰে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ পৰিষদীয় সদস্য মুকুট মহন্ত আৰু যোৰহাট লায়ন্স চকু চিকিৎসালয়ৰ সমন্বয়ক অমৰজ্যোতি বৰঠাকুৰে। আনহাতে, শিবিৰত ১৫০ গৰাকী ৰোগীৰ চকু পৰীক্ষা কৰা হয় আৰু ৩৯ গৰাকী ৰোগীৰ চকুত চানি পৰা ৰোগ ধৰা পৰাৰ লগতে ৰোগীসকলক সম্পূৰ্ণ বিনামূলীয়া চকুৰ অস্ত্ৰোপ্ৰচাৰৰ বাবে যোৰহাট লায়ন্স চকু চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

যোৰহাট লায়ন্স চকু চিকিৎসালয়ৰ চিকিৎসকৰ দলটোৱে লগত লৈ অহা বাছত ৰোগীসকলক যোৰহাটলৈ লৈ যোৱাৰ লগতে অস্ত্ৰোপচাৰৰ পাছত ৰোগীসকলক বিনামূলীয়া চছমা, ঔষধ প্ৰদান কৰি মঙ্গলবাৰে পুনৰ ঘৰত থৈ যোৱাৰ দ্বায়িত্ব গ্ৰহণ কৰাৰ উপৰি চিকিৎসালয়ত থকাৰ সময়ত এইসকল ৰোগীৰ সম্পূৰ্ণ বিনামূলীয়াকৈ থকা-খোৱাৰ ব্যৱস্থা কৰিছে বুলি সমন্বয়ক অমৰজ্যোতি বৰঠাকুৰে জানিবলৈ দিয়ে।
উল্লেখ্য যে, বিগত ১৯৯৭ চনৰ পৰা বৰ্তমানলৈকে যোৰহাট লায়ন্স চকু চিকিৎসালয়ে বিনামূলীয়াকৈ ৫০,০০০ ৰো অধিক ৰোগীক চকুত চানি পৰা ৰোগৰ অস্ত্ৰোপ্ৰচাৰ কৰি চিকিৎসা প্ৰদান কৰাৰ লগতে বিগত বৰ্ষত ৫০০০ ৰো অধিক ৰোগীৰ এই অস্ত্ৰোপচাৰ কৰে আৰু প্ৰতি দেওবাৰে অসমৰ বিভিন্ন প্ৰান্তত যোৰহাট লায়ন্স চকু চিকিৎসালয়ে বিনামূলীয়া চকু চিকিৎসা শিবিৰ অনুষ্ঠিত কৰে বুলি জানিবলৈ দিয়ে সমন্বয়ক অমৰজ্যোতি বৰঠাকুৰে ৷
চকু চিকিৎসা শিবিৰত যোৰহাট লায়ন্স চকু চিকিৎসালয়ৰ অপ্তমেট্ৰিছ ভানু প্ৰতাপ বিষ্ট, মাধৱ শৰ্মা, বৰ্ণালী তামুলী, ৰুমী শইকীয়াই সহযোগিতা কৰে ৷ চকু চিকিৎসা শিবিৰটো সফলভাবে সম্পন্ন হৈ যোৱাত দেওপানী সমষ্টিৰ পৰিষদীয় সদস্য মুকুট মহন্ত আৰু লায়ন্স চকু চিকিৎসালয়ৰ সমন্বয়ক অমৰজ্যোতি বৰঠাকুৰে সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰে৷













